স্পৰ্টছ ডেস্ক,27 নৱেম্বৰঃ এদিনীয়া ক্ৰিকেটত 5000 ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী দ্ৰুততম অষ্ট্ৰেলিয়ান বেটছমেন হিচাপে চিহ্নিত হ’ল এৰন ফিন্স ৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত তিনিখনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ সোঁহতীয়া খেলুৱৈগৰাকীয়ে 126 খন এদিনীয়াত এই সফলতা অৰ্জন কৰে ৷ আনহাতে, এই তালিকাৰ শীৰ্ষত আছে ফিন্সৰ অপেনিং সহযোগী ডেভিদ ৱাৰ্ণাৰ ৷ ৱাৰ্ণাৰে 115 খন এদিনীয়াত এই ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
উল্লেখ্য যে, এদিনীয়া শৃংখলাত তীব্ৰ 5000 ৰাণ সংগ্ৰহ কৰা বেটছমেন আছিল দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা ৷ তেখেতে 101 টা ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷