অসম

assam

ETV Bharat / sports

18 জুলাইৰ পৰা আৰম্ভ ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেট শৃংখলা

18 জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকাৰ হোৱাইট বল ক্ৰিকেট শৃংখলা ৷ ঘৰুৱা দল শ্ৰীলংকাৰ প্ৰশিক্ষক আৰু এনালিষ্ট গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ বাবদ পূৰ্বতে নিৰ্ধাৰণ কৰা সময়তকৈ পলমকৈ আৰম্ভ হ’ব শৃংখলাটো ৷

By

Published : Jul 11, 2021, 12:10 PM IST

india-sri-lanka-limited-overs-series-to-now-start-from-july-18-bcci-secretary-jay-shah
18 জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত শ্ৰীলংকাৰ হোৱাইট বল ক্ৰিকেট শৃংখলা

স্প’ৰ্টছ ডেস্ক, 11 জুলাই :ঘৰুৱা দলৰ শিবিৰত ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে এতিয়া শ্ৰীলংকাত ভাৰতৰ ছয়খন মেচৰ হোৱাইট বল শৃংখলা ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব । শ্ৰীলংকাৰ বেটিং প্ৰশিক্ষক গ্ৰাণ্ট ফ্লাৱাৰ(Grant Flower) আৰু এনালিষ্ট জিটি নিৰোছনে(GT Niroshan) ইংলেণ্ড ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত ক’ভিড আক্ৰান্ত হোৱা বাবে প্ৰথমতে তিনিখন এদিনীয়া খেলৰ সৈতে আৰম্ভ হ'বলগীয়া এই শৃংখলাটোৰ সময় পুনৰ নিৰ্ধাৰণ কৰিব লগা হৈছিল ৷ এই কথা সদৰী কৰিছে বিচিচিআই(BCCI)ৰ সচিব জয় শ্বাহে ৷

এক কথাত দলটোৰ সদস্যসকলৰ বাবে এক বৰ্ধিত সময়ৰ বাবে কোৱাৰেণ্টাইনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ যদিও মূলতঃ আলোচনা কৰা তাৰিখটো নিদিৰ্ষ্ট হোৱা নাছিল ৷ কিন্তু শ্বাহে শৃংখলাটো 18 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি নিশ্চিত কৰে । ইয়াৰ লগতে তেওঁ সংবাদ মাধ্যমক জনায় যে, "ঘৰুৱা দলটোৰ শিবিৰত ক’ভিড-19 ৰ প্ৰাদুৰ্ভাৱৰ বাবে ভাৰত-শ্ৰীলংকা এদিনীয়া শৃংখলা 18 জুলাইত আৰম্ভ হ'ব"৷

লগতে পঢ়ক :দিল্লী পুলিচে উদ্ধাৰ কৰিলে 2500 কোটি টকা মূল্যৰ ড্ৰাগছ

প্ৰথমে তিনিখন এদিনীয়া খেল প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ এই খেল ক্ৰমে 18, 20 আৰু 23 জুলাইত অনুষ্ঠিত হ'ব ৷ পৰৱৰ্তী সময়ত ২৫ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল(T-20 international game) অনুষ্ঠিত হ'ব ।

ABOUT THE AUTHOR

...view details