অসম

assam

ETV Bharat / sports

India WTC Ranking : ৱেষ্ট ইণ্ডিজৰ সৈতে ড্ৰ খেলি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় স্থানলৈ অৱনমিত ভাৰত

এছেজ শৃংখলা খেলি থকা বিশ্ব টেষ্ট চেম্পিয়ন অষ্ট্ৰেলিয়া (৫৪.১৭) আৰু ইংলেণ্ডে (২৯.১৭) ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে ।

India WTC Ranking
India WTC Ranking

By

Published : Jul 25, 2023, 5:37 PM IST

স্পৰ্টছ ডেস্ক, ২৫ জুলাই :ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত ড্ৰ খেলি শেহতীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ৰেংকিঙত দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ভাৰত । উল্লেখ্য যে দুখন মেচৰ টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১-০ ব্যৱধানত আগবাঢ়ি থকা ভাৰতে দ্বিতীয়খন টেষ্ট জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু চতুৰ্থ দিনৰ খেলৰ শেষত ৱেষ্ট ইণ্ডিজে দুটা উইকেট হেৰুৱাই ২৮৯ ৰাণত পিছ পৰি আছিল আৰু পঞ্চমদিনা বৰষুণৰ বাবে খেল স্থগিত হোৱাত মেচখন অমীমাংসিত হৈ ৰয় ।

যাৰ বাবে ভাৰতে ৱেষ্ট ইণ্ডিজৰ সৈতে অন্তিম টেষ্টখনত ড্ৰতে সন্তুষ্ট থাকিবলগা হয় । এই ড্ৰৰ ফলত ভাৰতৰ জয়-পৰাজয়ৰ শতাংশ প্ৰভাৱিত হয় আৰু এই শতাংশ ১০০-ৰ পৰা ৬৬.৬৭ শতাংশলৈ হ্ৰাস পায় । উল্লেখ্য যে যোৱা সপ্তাহত গালেত শ্ৰীলংকাৰ বিৰুদ্ধে চাৰি উইকেটত বিজয় সাব্যস্ত কৰাৰ পিছত পাকিস্তানে বৰ্তমান ১০০ শতাংশ জয়-পৰাজয়ৰ ৰেকৰ্ডেৰে অকলে তালিকাৰ শীৰ্ষস্থানত আছে ।

আনহাতে, এছেজ শৃংখলা খেলি থকা বিশ্ব টেষ্ট চেম্পিয়ন অষ্ট্ৰেলিয়া (৫৪.১৭) আৰু ইংলেণ্ডে (২৯.১৭) ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে । ইয়াৰ উপৰি ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে ড্ৰ খেলি লাভান্বিত হৈছে । কিয়নো দলটোৰ জয়-পৰাজয়ৰ শতাংশ ১৬.৬৭ লৈ বৃদ্ধি পাইছে আৰু ৱেষ্ট ইণ্ডিজ পঞ্চম স্থানলৈ উন্নীত হৈছে । আনহাতে, শ্ৰীলংকা এটা পৰাজয়ৰ সৈতে নৱম স্থানত আছে । যোৱা মাহত আৰম্ভ হোৱা নতুন ২০২৩-২৫ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ দৰে দলবোৰে এতিয়াও কোনো স্থান লাভ কৰা নাই ।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত দুখন টেষ্টৰ শৃংখলাত ভাৰতে ১-০ ব্যৱধানত জয়লাভ কৰে । ডমিনিকাত অনুষ্ঠিত প্ৰথম টেষ্টত তিনিদিনৰ ভিতৰতে ঘৰটো দলটোৱে আত্মসমৰ্পণ কৰে । আনহাতে, দ্বিতীয় টেষ্টত ভাৰতৰ প্ৰথম ইনিংছৰ মুঠ ৪৩৮ ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২৫৫ ৰাণতে ইনিংছ সামৰে । আনহাতে, দ্বিতীয় ইনিংছত ভাৰতে দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰি ২৪ অ'ভাৰত দুটা উইকেটৰ বিনিময়ত ১৮১ ৰাণ সংগ্ৰহ কৰে । কিন্তু পঞ্চমদিনাৰ খেল বৰ্ষাবিঘ্নিত হোৱাত এটাও বল নপৰাকৈয়ে দ্বিতীয় টেষ্টৰ অন্ত পৰে । যাৰ বাবে দ্বিতীয় টেষ্ট ড্ৰ ঘোষণা কৰা হয় ।

লগতে পঢ়ক :India Tour to West Indies : মহম্মদ চিৰাজে আক্ৰমণৰ নেতৃত্ব দিছে; ৰোহিত শৰ্মা

ABOUT THE AUTHOR

...view details