নিউজ ডেস্ক, 24 জানুৱাৰী: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তিনিখনীয়া এদিনীয়া শৃংখলাত কিৱি বাহিনীক হোৱাইট ৱাছ কৰি বিজয়ৰ খিতাপ দখল ভাৰতৰ (India beats New Zealand in ODI series) ৷ পূৰ্বৰ দুয়োখন খেলতে জয়লাভ কৰি শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে আজিৰ অন্তিমখন মেচতো নিউজিলেণ্ডক 90 ৰাণত পৰাস্ত কৰে ৷ এই বিজয়েৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া ৰেংকিঙৰ তালিকাত শীৰ্ষস্থান দখল কৰে ভাৰতে (India goes top of ODI rankings) ৷ ইয়াৰ পূৰ্বে ভাৰত তৃতীয় স্থানত থকাৰ বিপৰীতে প্ৰথম স্থানত আছিল ইংলেণ্ড আৰু দ্বিতীয় স্থানত আছিল নিউজিলেণ্ড ৷
ইণ্ডোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে নিউজিলেণ্ডে ৷ কিন্তু ভাৰতীয় অপেনাৰদ্বয় ক্ৰমে অদিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক বেটিঙৰ আগত তিষ্ঠিব নোৱাৰিলে নিউজিলেণ্ডৰ বলাৰে (India New Zealand 3rd ODI) ৷ দুয়ো অপেনাৰে প্ৰথম উইকেটৰ যুটিত 212 ৰাণৰ এক শক্তিশালী স্থিতিত উপনীত কৰায় ভাৰতক ৷ ভাৰতৰ হৈ দুয়ো অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গীলে শতক অৰ্জন কৰে ৷
ৰোহিত শৰ্মাই 85 বল খেলি 9 টা চাৰি আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 101 ৰাণ সংগ্ৰহ কৰে ৷ একেদৰে গীলে 78 টা বল খেলি 13 টা চাৰি আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 112 ৰাণৰ বৰঙণি যোগায় ৷ হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতকেৰে দলৰ স্থিতি অধিক মজবুত কৰে ৷ নিৰ্ধাৰিত 50 অভাৰত ভাৰতে 9 টা উইকেট হেৰুৱাই 385 ৰাণ সংগ্ৰহ কৰে আৰু নিউজিলেণ্ডক জয়ৰ বাবে 386 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IND NZ ODI series) ৷
লগতে পঢ়ক:World Cup 2023 : ৰোহিত-গিলৰ যুটিয়েই শ্ৰেষ্ঠ হ'ব ভাৰতৰ বাবে !