স্পৰ্টছ ডেস্ক, 15 ফেব্ৰুৱাৰী:নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে প্ৰতিদ্বন্দী ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰে(India vs West Indies women’s T20) ৷ আজিৰ মেচখন ৱেষ্ট ইণ্ডিজৰ বাবে নিৰ্ণায়ক মেচ আছিল যদিও ভাৰতৰ ওচৰত পৰাজয় স্বীকাৰ কৰে দলটোৱে ৷ কেপটাউনত ভাৰতীয় সময় অনুসৰি 6.30 বজাত আৰম্ভ হয় খেলখন ৷
আজিৰ কেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজ দলটোৱে ৷ দ্বিতীয় অভাৰত 4 ৰাণতে প্ৰথমটো উইকেট হেৰুওৱাৰ পাচত দ্বিতীয় উইকেটৰ যুটিত 75 ৰাণ সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজৰ টেইলৰ আৰু কেম্পবেল্লেয়ে ৷ টেইলৰে 40 টা বল খেলি 42 ৰাণ আৰু কেম্পবেলেয় 36 টা বলত 30 ৰাণ সংগ্ৰহ কৰে ৷ চেডিয়ান নেশ্যনে 21 ৰাণৰ বৰঙণি আগবঢ়ায় (ICC womens T 20 World Cup) ৷ নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজ দলটোৱে 118 ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতক জয়ৰ বাবে 119 ৰাণ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতৰ হৈ সুন্দৰ বলিঙেৰে দিপ্তী শৰ্মাই ৱেষ্ট ইণ্ডিজৰ 3 টাকৈ উইকেট দখল কৰে(India beat West Indies by 6 wickets) ৷
দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতৰ দুই অ’পেনাৰ শেফালি বাৰ্মা আৰু স্মৃতি মান্ধানাই ৱেষ্ট ইণ্ডিজৰ বলাৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ কিন্তু ৰামহাৰাকৰ বলত 10 ৰাণ কৰি আউট হয় মান্ধানা ৷ আক্ৰমণাত্মক বেটিং কৰা শেফালিয়ে 28 ৰাণ কৰি পেভিলিয়নলৈ ওভতে (India vs West Indies women’s T20) ৷ 3 টা উইকেটৰ পতন ঘটনাৰ পাচত অধিনায়ক হৰমন প্ৰীত কৌৰ আৰু ৰিচা ঘোষে দলটোক স্থিতি প্ৰদান কৰি বিজয়ৰ সোৱাদ দিয়ে (Indian women cricket team beat West Indies) ৷ হৰমন প্ৰীত কৌৰে 33 ৰাণ আৰু ৰিচাই 44 ৰাণৰ সুন্দৰ ইনিংছ খেলে(India women vs West Indies) ৷ প্ৰথমখন গ্ৰুপ মেচত পাকিস্তানক 6 ইউকেটত পৰাস্ত কৰিছিল ভাৰতে (Indian women cricket team beat Pakistan) ৷
ভাৰতে 18 ফেব্ৰুৱাৰীত গ্ৰুপ বি পৰ্যায়ৰ পৰবৰ্তীখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷
থোৰতে স্ক’ৰব’ৰ্ড:
বেটিং:
ৱেষ্ট ইণ্ডিজ-
টেইলৰ-42(40)
কেম্পবেল্লে-30(36)
চেডিয়ান-21(18)