অসম

assam

মহিলা এছিয়া কাপৰ প্ৰথমখন খেলতে ভাৰতৰ বিজয়

By

Published : Oct 1, 2022, 9:20 PM IST

মহিলা এছিয়া কাপৰ প্ৰথমখন খেলতে ভাৰতীয় দলৰ বিজয় (India women team wins Asia Cup first match)। শ্ৰীলংকাক ৪১ ৰাণত পৰাস্ত কৰে ভাৰতীয় দলটোৱে । ভাৰতৰ জেম্মিয়া ৰড্ৰিগছে ৭৬ ৰাণ সংগ্ৰহ কৰে ।

India
এছিয়া কাপৰ প্ৰথমখন খেলতে ভাৰতৰ বিজয়

স্পৰ্টছ ডেস্ক,১ অক্টোবৰ :বিশ্ব ক্ৰিকেটত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ দপদপনি অব্যাহত আছে । ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত এইবাৰ এছিয়া কাপত দলটোৰ জয়ৰ ধাৰা আৰম্ভ হৈছে । ২০২২ ছিজনৰ মহিলা এছিয়া কাপৰ প্ৰথমখন খেলতে শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতীয় মহিলা দলটোৱে । শনিবাৰে মহিলাৰ টি-২০ এছিয়া কাপৰ উদ্বোধনী খেলখনত ভাৰতে শ্ৰীলংকাক ৪১ ৰাণত পৰাস্ত কৰে (India beat Sri Lanka by 41 runs)।

খেলখনত শ্ৰীলংকাই টছত জয়ী আৰু ভাৰতক প্ৰথমে বেটিঙৰ সুবিধা দিয়ে (Womens Asia cup 2022)। জেম্মিয়া ৰড্ৰিগছৰ ৭৬ ৰাণৰ সহযোগত ভাৰতীয় দলটোৱে ১৫৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । শ্ৰীলংকাৰ সন্মুখত ১৫১ ৰাণৰ লক্ষ্য আছিল যদিও ভাৰতীয় দলটোৰ দুৰ্দান্ত বলাৰ সকলৰ হাতত বিধস্ত হয় প্ৰতিদ্বন্দী দলটো । ১৮.২ অভাৰতে শ্ৰীলংকাৰ আটাইকেইগৰাকী বেটিঙে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয় ।

ভাৰতীয় দলটোৰ হৈ দয়ালান হেমলতাই ১৫ ৰাণ দি ৩ টা উইকেট দখল কৰে । সমান্তৰালকৈ পূজা বস্ত্ৰকাৰে ১২ ৰাণ দি ২ টা উইকেট, দীপ্তি শৰ্মাই ১৫ ৰাণ দি ২ টা উইকেট আৰু ৰাধা যাদৱে ১ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । ভাৰতীয় দলটোৰ অধিনায়ক হৰমনপ্ৰীতি কৌৰে ৩৩ ৰাণ সংগ্ৰহ কৰে ।

ইফালে শ্ৰীলংকাৰ সফল বলাৰ হিচাপে পৰিগণিত হয় স্পিনাৰ ওছাদি ৰাণাসিংহে । বলাৰগৰাকীয়ে ৩২ ৰাণ দি ৩ টা উইকেট দখল কৰে । বাংলাদেশৰ চিলেটত ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অহা ৩ অক্টোবৰত মালয়েছিয়া দলৰ সন্মুখীন হ'ব ভাৰতীয় দলটো ।

লগতে পঢ়ক :National Games 2022 : গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ

ABOUT THE AUTHOR

...view details