অসম

assam

By

Published : Jul 1, 2022, 2:04 PM IST

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ এদিনীয়া শৃংখলাৰ ভাৰতীয় দল ঘোষণা

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া তিনিখন খেলৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ ভাৰতীয় ক্ৰিকেট দল ঘোষণা(Indian team announced) ৷ শৃংখলাৰটোৰ জৰিয়তে দললৈ প্ৰত্যাপৰ্ণ কৰিছে বিৰাট কোহলীয়ে ৷

India announces squads for T20I, ODI series against England
এদিনীয়া শৃংখলাৰ ভাৰতীয় দল ঘোষণা

স্পৰ্টছ ডেস্ক, ১ জুলাই :ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া তিনিখন খেলৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো শুকুৰবাৰে ঘোষণা কৰা হয়(India team for ODI series against England ) ৷ ৰোহিত শৰ্মাই দুয়োখন শৃংখলাতে ভাৰতীয় দলটোৰ নেতৃত্ব দিব ৷ বিৰাট কোহলীও প্ৰথম টি-২০ৰ পিছত এইবাৰ দললৈ প্ৰত্যাপৰ্ণ কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত ৭ জুলাইৰ পৰা আৰম্ভ হ’ব তিনিখনীয়া T-২০ শৃংখলা(India T20 team vs England) ৷ ১২ জুলাইৰ পৰা দুয়োটা দল অৱতীৰ্ণ হ’ব তিনিখন এদিনীয়াত ।

ইফালে, এজবাষ্টনত ১ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া পঞ্চম তথা অন্তিম টেষ্টত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব(Indian team against England) । পুনৰ নিৰ্ধাৰিত মেচখন যোৱা বছৰৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ এটা অংশ যিখন খেল ভাৰতে ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবে চতুৰ্থ টেষ্টৰ পিছত আধাতে সামৰিবলগীয়া হৈছিল । ভাৰতে শৃংখলাটোত ২-১ ত অগ্ৰগতি লাভ কৰিছিল ।

প্ৰথম T-২০ৰ বাবে ভাৰতৰ দল:ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, ঋতুৰাজ গায়কৱাড, সঞ্জু চেমচন, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, অক্সাৰ পেটেল, ৰবি বিষ্ণোই, ভুৱনেশ্বৰ কুমাৰ, আৰ্দীপ কুমাৰ, আৰ্দীপ মালিক ৷

দ্বিতীয় আৰু তৃতীয় T-২০ৰ ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, শ্ৰেয়াছ আয়াৰ, দিনেশ কাৰ্তিক (ৱিকে), ঋষভ পন্ত (ৱিকে), ঋষভ পন্ত (ৱিকে), হাৰ্দিক পাণ্ড্য, ৰবীন্দ্ৰ চাহাল, অক্সাৰ পেটেল, ৰবি বিষ্ণোই, জছপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, আভেশ খান, হাৰ্ষাল পাটেল, উমৰান মালিক ৷

৩ খনীয়া এদিনীয়া খেলৰ ভাৰতৰ দল: ৰোহিত শৰ্মা (অধিনায়ক), শিখৰ ধাৱান, ঈশান কিষাণ, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, অক্সাৰ পেটেল, জছপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ ছামী, মহম্মদ চিৰাজ, আৰ্দীপ সিং ।

লগতে পঢ়ক :Malaysia Open : পি ভি সিন্ধুৰ অগ্ৰগতি, চাইনা নেহৱালৰ বিদায়

ABOUT THE AUTHOR

...view details