স্পৰ্টছ ডেস্ক,১১ আগষ্ট :ৱেষ্ট ইণ্ডিজৰ ফ্ল'ৰিডাৰ লাউডাৰহিলৰ চেণ্ট্ৰেল ব্ৰোৱাৰ্ড ষ্টেডিয়ামত শনিবাৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চতুৰ্থখন টি-২০ মেচ অনুষ্ঠিত হ'ব । এই খেলখন অতি ৰোমাঞ্চকৰ হ'ব বুলি ধাৰণা কৰা হৈছে । কিয়নো শৃংখলাটোত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ভাৰতে আৰু শৃংখলাটোত সমতা বজাই ৰখাৰ চেষ্টা কৰিব । ইফালে লাউডাৰহিলৰ ষ্টেডিয়ামখনত যোৱা ৫ খন খেলৰ ভিতৰত ৪ খনতে ভাৰতে জয় লাভ কৰিছে আৰু বৰষুণৰ বাবে এখন মেচ সম্পূৰ্ণ নহ'ল । ৱেষ্ট ইণ্ডিজে এই খেলপথাৰত ভাৰতৰ বিৰুদ্ধে মাত্ৰ এখনত হে জয় লাভ কৰিছে ।
আনহাতে এই শৃংখলাৰ চতুৰ্থ আৰু পঞ্চমখন খেল ফ্ল'ৰিডাৰ লাউডাৰহিলৰ চেণ্ট্ৰেল ব্ৰোৱাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ভাৰতৰ বাবে শৃংখলাটো নিজৰ হাতলৈ নিবলৈ দুয়োখন মেচ জয়ী হোৱাটো প্ৰয়োজন । আনহাতে আৰু এখন মাত্ৰ মেচত জয়ী হ'লে ৱেষ্ট ইণ্ডিজে শৃংখলাটো নিজৰ হাতলৈ নিবলৈ সক্ষম হ'ব । চেণ্ট্ৰেল ব্ৰোৱাৰ্ড ষ্টেডিয়ামত ৰাণৰ লক্ষ্য সম্পূৰ্ণ কৰাটো সহজ নহয় । একে সময়তে, ইয়াৰ পিটছখন বেছিভাগ বলাৰৰ পক্ষত দেখা গৈছে ।
ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা সপ্তমবাৰৰ বাবে এই খেলপথাৰত মুখামুখি হ'ব । এতিয়ালৈকে খেলা মেচবোৰত ভাৰতীয় দলটোৱে বৃহৎ অগ্ৰগতি লাভ কৰিছে । ইয়াত ২০১৬ চনত ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে প্ৰথম খন টি-১০ মেচ ১ ৰাণত জয়ী হৈছিল । আনহাতে দ্বিতীয়খন টি-২০ মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল । ইয়াৰ পাছত, ২০১৯ চনত ভাৰতীয় দলে এই খেলপথাৰত খেলা দুয়োখন মেচত জয়ী হৈছিল । ২০২২ চনত ভাৰতীয় দলে জয়ৰ ধাৰা অব্যাহত ৰাখে । এই ক্ষেত্ৰত খেলপথাৰখনত ভাৰতীয় দলৰ আধিপত্য এতিয়াও আছে ।