স্পৰ্টছ ডেস্ক,৮ অক্টোবৰ : ৯ অক্টোবৰত ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ (IND vs SA ODI series)। খেলৰ পূৰ্বে জেএছচিএ ষ্টেডিয়ামত দুয়োটা দলে কঠোৰ অনুশীলন কৰা দেখা গৈছে (India and SA team practice in JSCA Stadium)। ইফালে হোটেল আৰু ষ্টেডিয়ামৰ বাহিৰত শ শ ক্ৰিকেট প্ৰেমীয়ে ভিৰ কৰা দেখা গৈছে । মন পচন্দৰ খেলুৱৈগৰাকীক এবাৰলৈ চাবলৈ আগ্ৰহী ক্ৰীড়াপ্ৰেমীসকল । আনহাতে ষ্টেডিয়াম কৰ্তৃপক্ষইও অনুশীলনৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰিছে ।
সময়সূচী অনুসৰি, ভাৰতীয় দলটোৱে দুপৰীয়া ১২.৩০ বজাৰ পৰা অনুশীলন কৰিব । দ্বিতীয়াৰ্ধত, দক্ষিণ আফ্ৰিকাৰ দলটোৱে অনুশীলন কৰিব । নিশা ৮.৩০ বজালৈকে অনুশীলনৰ এই প্ৰক্ৰিয়া চলিব আৰু তাৰ পাছত দুয়োটা দল হোটেললৈ উভতিব । ইফালে অনুৰাগীৰ ভিৰৰ বাবে দুয়োটা দলৰ খেলৰ অনুশীলনৰ বাবে ষ্টেডিয়ামৰ আশে-পাশে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে (High security in Ranchi ahead of IND vs SA)।