নিউজ ডেস্ক, 6 মাৰ্চ : ৰবীন্দ্ৰ জাডেজাৰ অনবদ্য ক্ৰীড়া প্ৰদৰ্শনেৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত বৃহৎ জয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ (India beats Sri Lanka in first test)৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাক 575 ৰাণ এক বিশাল লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতক 175 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিলে ৰৱীন্দ্ৰ জাদেজাই (Ravindra jadeja records in test cricket)৷ কেৱল বেটিঙতেই নহয়, বলিঙতো সুন্দৰ প্ৰদৰ্শন দেখা গ’ল ৰৱীন্দ্ৰ জাদেজাৰ ৷ প্ৰথম ইনিংছত শ্ৰীলংকাৰ 5 টাকৈ উইকেট দখল কৰে জাদেজাই ৷
ভাৰতে বান্ধি দিয়া 575 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 174 ৰাণতে প্ৰথম ইনিংছ সামৰে শ্ৰীলংকা দলে ৷ প্ৰথম ইনিংছত ফ’ল’ অনৰ পাচত দ্বিতীয় ইনিংছ আৰম্ভ আৰম্ভ কৰা শ্ৰীলংকাই 178 ৰাণতে আটাই কেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে (India Sri lanka first test)৷ দ্বিতীয় ইনিংচত 4 টা উইকেট দখল কৰে ৰৱীন্দ্ৰ জাদেজাই ৷
এই টেষ্ট মেচ খনত জাদেজাই 175 ৰাণ কৰাৰ লগতে 9 টাকৈ উইকেট সংগ্ৰহ কৰে ৷ 60 বছৰৰ পাচত কোনো ভাৰতীয় ক্ৰিকেটাৰে 150 ৰাণ সংগ্ৰহ কৰাৰ লগতে 5 টা উইকেট দখল কৰিছে ৷ বিনু মানকাড়ে 1952 চনত ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডচত আৰু 1962 চনত পল্লী উম্ৰিগঢ়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত এনে অভিলেখ গঢ়িছিল ৷
এই খেলখনত এক অনন্য কৃতিত্ব অৰ্জন কৰে ভাৰতীয় স্পীনাৰ ৰৱীচন্দন আশ্বিনে ৷ 83’ৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱক অতিক্ৰম কৰি দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ল আশ্বিন ৷ কপিল দেৱে 131 খন খেলত সংগ্ৰহ কৰিছিল 434 টা উইকেট ৷ আশ্বিনে 85 খন খেলত 435 টা উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্য 619 টা উইকেটেৰে তালিকাৰ শীৰ্ষত আছে অনিল কুম্বলে ৷
এই জয়েৰে টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰে ভাৰতে ৷ এটা ইনিংছ 222 ৰাণৰ বিশাল ব্যৱধানত এই বিজয় সাব্যস্ত কৰে ভাৰতে ৷
থোৰতে স্ক’ৰ বৰ্ড :
ভাৰত (প্ৰথম ইনিংচ) : বেটিং
ৰৱীন্দ্ৰ জাদেজা - 175 (228) (অপ)
ঋষভ পন্ট - 96(97)
ৰৱীচন্দ্ৰন আশ্বিন- 61 (82)
শ্ৰীলংকা (প্ৰথম ইনিংচ) : বলিং
সুৰাংগা লাকমল -2/90
বিশ্ব ফাৰ্ণাণ্ডো- 2/135
লাচিথ এম্বুলডেনিয়া- 2/188