অসম

assam

World Cup 2023 : ধৰ্মশালাত মুখামুখি হ'ব অষ্ট্ৰেলিয়া আৰু চুবুৰীয়া নিউজিলেণ্ড

ধৰ্মশালাত শনিবাৰে অষ্ট্ৰেলিয়া আৰু চুবুৰীয়া নিউজিলেণ্ড মুখামুখি হ'ব । নিউজিলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড অতি আকৰ্ষণীয় । চলিত বিশ্বকাপত নিউজিলেণ্ডে প্ৰভাৱশালী প্ৰদৰ্শন দেখুৱাইছে ।

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 2:10 PM IST

Published : Oct 27, 2023, 2:10 PM IST

World Cup 2023
ধৰ্মশালাত মুখামুখি হ'ব অষ্ট্ৰেলিয়া আৰু চুবুৰীয়া নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ :অষ্ট্ৰেলিয়া আৰু চুবুৰী নিউজিলেণ্ড দল দুটা যেতিয়াই মুখামুখি হয় তেতিয়া সেই খেলখন অতি ৰোমাঞ্চকৰ হৈ পৰে । বিশেষকৈ বিশ্বকাপৰ দৰে প্ৰতিযোগিতাবোৰত দুয়োটা দলৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱা দেখা যায় । দৰ্শকসকলো আগ্ৰহী হৈ থাকে তেনে খেল উপভোগ কৰিবলৈ । অৱশ্যে এতিয়ালৈ বেটিং আৰু বলিঙৰ দ্বাৰা অষ্ট্ৰেলিয়াই নিউজিলেণ্ডৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।

বিগত বছৰবোৰৰ ভিতৰত কিৱি বাহিনীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল মেলবৰ্ণত অনুষ্ঠিত ২০১৫ চনৰ বিশ্বকাপৰ ফাইনেল । য'ত অষ্ট্ৰেলিয়াৰ হাতত নিউজিলেণ্ডৰ শোচনীয় পৰাজয় হৈছিল । ব্ৰেণ্ডন মেককুলাম, মাৰ্টিন গাপ্টিল, ৰছ টেইলৰ, কেন উইলিয়ামছন আৰু ডেনিয়েল ভিটৰিৰ দৰে মহান ক্ৰিকেটাৰ থকা স্বত্বেও কিৱিসকল ৪৫ অভাৰত মাত্ৰ ১৮৩ ৰাণত অলআউট হৈছিল । অষ্ট্ৰেলিয়াই মাত্ৰ ৩৩ অভাৰতে খেলখনত জয়ী হৈছিল আৰু পঞ্চমটো বিশ্বকাপৰ খিতাপ দখল কৰিছিল ।

চলিত বিশ্বকাপতো দুয়োটা দলৰ প্ৰদৰ্শন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে । প্ৰতিযোগিতাৰ আৰম্ভণিতে হতাশ হ'লেও বৰ্তমান পুনৰ ফৰ্মলৈ আহিছে দলটো । শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে আক্ৰমণাত্মক ৰূপ দেখুৱাইছে । মাত্ৰ ৪৩ টা বলতে আকৰ্ষণীয় শতক অৰ্জন কৰিছে মেক্সৱেলে । সমান্তৰালকৈ ডেভিদ ৱাৰ্ণাৰৰ শতকো অতি গুৰুত্বপূৰ্ণ আছিল । ইফালে এডাম জাম্পাৰ দৰ্শনীয় বলিঙে পুনৰ এবাৰ চৰ্চালৈ আনিছে অষ্ট্ৰেলিয়াক ।

২০১৫ চনত প্ৰথমবাৰলৈ ফাইনেলত উপনীত হৈছিল যদিও নিউজিলেণ্ড পৰাস্ত হৈছিল । সমান্তৰালকৈ এতিয়ালৈ ৬ খন বিশ্বকাপৰ ছেমিফাইনেল খেলিছে । অৱশ্যে বৰ্তমানলৈ চলিত বিশ্বকাপত দলটোৱে গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে । সম্প্ৰতি পইণ্ট তালিকাৰ অষ্ট্ৰেলিয়াৰ ওপৰতে আছে নিউজিলেণ্ড । অষ্ট্ৰেলিয়া তালিকাৰ চতুৰ্থ স্থানত আছে ।

ভাৰতৰ হাতত পৰাজিত হোৱাৰ আগলৈ তালিকাৰ শীৰ্ষত আছিল নিউজিলেণ্ড । তেতিয়ালৈকে দলটো চাৰিওখন খেলত জয়ী হৈছিল আৰু ১.৯৬ ৰ শক্তিশালী নেট ৰাণ ৰেটত আছিল । অৱশ্যে, তীব্ৰ প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড শনিবাৰে ধৰ্মশালাত মুখামুখি হ'ব । অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড আকৰ্ষণীয় আৰু শেহতীয়া জয়ৰ সৈতে দলটো শক্তিশালী হৈ আছে । যাৰ বাবে অধিনায়ক কেন উইলিয়ামছনৰ অনুপস্থিতিত টম লাথামৰ নেতৃত্বত দলটোৰ বাবে তীব্ৰ প্ৰত্যাহ্বান আহিব ।

চলিত বিশ্বকাপত ধৰ্মশালাত অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে খেলিব । একেদৰে নিউজিলেণ্ড দলটো ইয়াত পূৰ্বেও খেলিছে । সেয়ে দলটোৱে ধৰ্মশালাৰ পিটছৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে অৱগত । ফাষ্টবলাৰ ট্ৰেণ্ট ব'ল্ট, মেট হেনৰী আৰু লকি ফাৰ্গুচনে ইতিমধ্যে দলটোৰ আক্ৰমণৰ নেতৃত্ব দিছে আৰু প্ৰাৰম্ভিক উইকেট লাভ কৰিছে । একেদৰে অষ্ট্ৰেলিয়াৰ হাতত আছে পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু অভিজ্ঞ জছ হেজেলউড ।

অষ্ট্ৰেলিয়াৰ হাতত যেনেদৰে এডাম জাম্পা আছে নিউজিলেণ্ডেও মিচেল চেণ্টনাৰক লৈ যথেষ্ট ভৰষা কৰে । কিৱি বাহিনীৰ এতিয়া এটাই উদ্দেশ্য চুবুৰীয়া অষ্ট্ৰেলিয়াৰ সন্মুখত মানসিকভাৱে শক্তিশালী হৈ অৱতীৰ্ণ হোৱা ।

লগতে পঢ়ক :ICC World Cup 2023: স্পীনৰ বিপৰীতে চলিত বিশ্বকাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে পেচাৰে

ABOUT THE AUTHOR

...view details