স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ :অৱশেষত জয়ৰ মাজলৈ উভতিল অষ্ট্ৰেলিয়া । চলিত বিশ্বকাপৰ নিজৰ লীগৰ তৃতীয়খন মেচত অষ্ট্ৰেলিয়াই অনায়াসে ৫ উইকেটত জয়লাভ কৰে । লগে লগে প্ৰথম দুখন মেচত পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়াই জয়ৰ ধাৰালৈ আহে । শ্ৰীলংকাৰ ২০৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৩৫.২ অভাৰত অষ্ট্ৰেলিয়াই ২১৫ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ হৈ জছ ইংগিছে সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মিচেল মাৰ্চেও এক অৰ্ধশতকীয় ইনিংছ খেলে । শ্ৰীলংকাৰ হৈ দিলশান মাদুশাংকাই তিনিটা উইকেট দখল কৰে ।
উল্লেখেয যে প্ৰাৰম্ভিক অগ্ৰগতিৰ লাভ উঠাব নোৱাৰিলে শ্ৰীলংকাই । আনহাতে, প্ৰথম অৱস্থাত শ্ৰীলংকান বেটছমেনৰ সন্মুখত দিশহাৰা হ'লেও পুনৰ ছন্দলৈ উভতে অষ্ট্ৰেলিয়া । যাৰ বাবে মাত্ৰ ৪৩ অভাৰৰ ভিতৰতে শ্ৰীলংকান ইনিংছক সীমাবদ্ধ ৰাখে । সোমবাৰে লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে চলিত ক্ৰিকেট বিশ্বকাপৰ চতুৰ্দশখন মেচ । মেচত অৱতীৰ্ণ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া । শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিছে টছত জয়ী হৈ প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিং কৰাৰ সিদ্ধান্ত লয় । শ্ৰীলংকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২১০ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে । উল্লেখ্য যে মাত্ৰ ৮৪ ৰাণৰ ভিতৰতে শ্ৰীলংকাই ১০ উইকেট বিসৰ্জন দিয়ে ।
প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ক্ৰিজত নমা শ্ৰীলংকাৰ দুই অপেনাৰ পাথুম নিশাংকা আৰু কুশল পেৰেৰাই সিংহলী দলটোক সুন্দৰ আৰম্ভণি প্ৰদান কৰে । দুয়োৱে অপেনিং উইকেটত ১২৫ ৰাণ সংগ্ৰহ কৰে । কিন্তু অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সৰ বলত ডেভিদ ৱাৰ্ণাৰৰ হাতত কেচ দি ক্ৰিজ এৰে পাথুম নিশাংকাই । পাথুম নিশাংকাই ৬৭ বলত ৬১ ৰাণ কৰি আউট হয় । আনহাতে, আনগৰাকী অপেনাৰ কুশল পেৰাৰাই ৮২ বলত ৭৮ ৰাণ কৰি বিদায় লয় । ইয়াৰ পিছতে শ্ৰীলংকাৰ ইনিংছে খোপনি হেৰুৱায় আৰু কেংগাৰু বলাৰ ছন্দলৈ উভতি আহে । অধিনায়ক কুশল মেণ্ডিছে শ্ৰীলংকাৰ ইনিংছৰ গঢ়াৰ দায়িত্ব লোৱাৰ সময়তে তেওঁকো পেভিলিয়নৰ ৰাস্তা দেখুৱায় আডাম জাম্পাই । এক দৰ্শনীয় কেচ আয়ত্ত কৰি ডেভিদ ৱাৰ্ণাৰে তেওঁক আউট কৰে । ইয়াৰ পিছত কেৱল যেন আনুষ্ঠানিকতাহে ৰক্ষা কৰিবলৈ শ্ৰীলংকান বেটছমেনসকল ক্ৰিজলৈ আহে । এটাৰ পিছত আন এটা উইকেট হেৰুৱাই শ্ৰীলংকা বেকফুটলৈ গুচি যায় ।
উল্লেখ্য যে বৰষুণৰ বাবে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামৰ মেচখন কিছু সময়ৰ বাবে বন্ধ হয় । সেই সময়ত শ্ৰীলংকাই ৩২.১ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৭৮ ৰাণ কৰিছিল । কিন্তু বৰষুণৰ পিছত মেচ আৰম্ভ হোৱাৰ প্ৰথমটো বলতে শ্ৰীলংকাৰ পঞ্চমটো উইকেটৰ পতন ঘটে । পাথুন নিশাংকা আৰু কুশল পেৰেৰাৰ পিছত একমাত্ৰ চাৰিথ আছালংকাইহে অষ্ট্ৰেলিয়ান বলাৰৰ বিৰুদ্ধে কিছু দৃঢ়তা প্ৰদৰ্শন কৰে । আছালংকাই ২৫ ৰাণ সংগ্ৰহ কৰে ।
অষ্ট্ৰেলিয়াৰ হৈ সফল বলাৰ হৈছে আডাম জাম্পা । জাম্পাই ৮ অভাৰত ৪৭ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । পেট কামিন্সে দুটা উইকেট লাভ কৰে ।