অসম

assam

ICC cricket Wold Cup: বিশ্বকাপত সৰ্বাধিক 7 টা শতক, 1000 ৰাণ, ক্ৰিকেটত 555 টা ছিক্সাৰ ৰোহিতৰ নামত

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:07 PM IST

বিশ্বকাপ ক্ৰিকেট 2023 ৰ লীগ মেচত ক্ৰমাগত দ্বিতীয়টো জয় ভাৰতৰ ৷ ৰোহিত শৰ্মাৰ শতকেৰে মেন ইন ব্লুৱে পৰাস্ত কৰিলে আফগানিস্তানক ৷ এই খেলতে কেইবাটাও অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই ৷

Rohit Sharma sets news records in Cricket history
ICC cricket Wold Cup

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ:আফগানিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই অৰুণ জেটলী ষ্টেডিয়ামত বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰি এই সন্মানীয় টুৰ্ণামেন্টত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক শতকৰ অভিলেখ ভংগ কৰে ৷ এই খেলখনৰ পূৰ্বলৈকে ৰোহিত শৰ্মাই বিশ্বকাপৰ 18 টা ইনিংছত 6 টা শতক অৰ্জন কৰিছিল ৷ 44 টা ইনিংছত 6 টা শতক অৰ্জনৰ অভিলেখ আছিল শচীত তেণ্ডুলকাৰৰো ৷

কিন্তু আফগানিস্তানৰ বিৰুদ্ধে খেলখনত ৰোহিতে আৰম্ভণিৰে পৰাই সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল । ফলত শতক অৰ্জনেৰে নিজৰ নামত 7 টা শতকৰ অভিলেখ ৰচিবলৈ সক্ষম হয় হিট্ মেন ৰোহিত ৷

২০১৯ চনৰ এদিনীয়া বিশ্বকাপত বৰ্তমানৰ ভাৰতীয় অধিনায়কগৰাকীয়ে ৫ টা শতকৰ অভিলেখ ভংগ কৰিছিল । লগতে ২০১৫ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত শতক অৰ্জন কৰিছিল । ভাৰতীয় অ’পেনাৰগৰাকীয়ে বিশ্বকাপত ১০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰৰ সৈতে যৌথভাৱে দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ।

তাৰকা বেটছমেনগৰাকীক আজি আৰম্ভণিৰে পৰাই ফৰ্মত দেখা গৈছিল, কাৰণ তেওঁ ঐতিহাসিক শতকৰ দিশে যোৱাৰ পথত আফগান পেচাৰসকলৰ সৈতে খেলিছিল । উল্লেখযোগ্য যে এদিনীয়া মেচত ৰোহিতৰ নামত ১০ হাজাৰতকৈ অধিক ৰান থকাৰ বিপৰীতে গড় ৰাণ প্ৰায় ৫০ । আফগানিস্তানৰ বিৰুদ্ধে জয়ৰ কাষ চাপি অহাৰ লগে লগে ৰোহিত শৰ্মাই ১৩১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ ৰাওনা হয় ।

বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ছয় সংগ্ৰহ কৰা খেলুৱৈ হিচাপেও ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম খোদিত কৰে ।

ভাৰতীয় ক্ৰিকেট মেষ্ট্ৰ’গৰাকীয়ে এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে ভাৰতৰ বিশ্বকাপ ২০২৩ৰ লীগ মেচত আফগানিস্তানৰ বিৰুদ্ধে ৷ পশ্চিম ভাৰতীয় ক্ৰীছ গেইলৰ ৫৫৩ টা ছয়ৰ অভিলেখ অতিক্ৰম কৰিলে ৰোহিতে ।

ভাৰতীয় ইনিংছৰ অষ্টম অভাৰত ৰোহিত শৰ্মাই আফগান বলাৰ নবীন উল হকৰ বলত মেচখনৰ তৃতীয়টো ছয় কোবাই । এই শ্বটৰ জৰিয়তে তেওঁ ক্ৰীছ গেইলৰ দীৰ্ঘদিনীয়া অভিলেখ অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম প্ৰভাৱশালী আৰু উৎকৃষ্ট বেটছমেন হিচাপে নিজৰ সুনাম সুদৃঢ় কৰি তুলিলে ।

ৰোহিত শৰ্মাই এই কৃতিত্ব অৰ্জন কৰি ৪৭৩ টা ইনিংছত ৫৫৪ টা ছয় কোবাইছে । ইয়াৰ উপৰিও তেওঁ আটাইতকৈ দ্ৰুতভাৱে ২০০, ৪০০ আৰু ৫০০ টা ছয় কোবোৱা প্ৰথমগৰাকী বেটছমেন হৈ পৰে ৷

লগতে পঢ়ক:Cricket World Cup IND vs AFG : ৰোহিত শৰ্মাৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ

ABOUT THE AUTHOR

...view details