স্পৰ্টছ ডেস্ক,১২ অক্টোবৰ :পুনৰ এবাৰ ক্ৰিকেটৰ মহাৰণত চিৰপ্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান মুখামুখি হব । চলিত বিশ্বকাপ ক্ৰিকেটত ১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হাই-ভল্টেজ মেচখন অনুষ্ঠিত হ'ব । লক্ষণীয়ভাৱে পাকিস্তানে ৫০ অভাৰৰ বিশ্বকাপত এতিয়ালৈ ভাৰতৰ বিৰুদ্ধে এখন খেলতো জয়ী হ'ব পৰা নাই । সেয়ে পাকিস্তানৰ বিৰুদ্ধে ৫০ অভাৰৰ বিশ্বকাপৰ খেলত ভাৰতৰ সফলতাৰ হাৰ হৈছে ১০০ শতাংশ । ভাৰতে এতিয়ালৈকে ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে মুঠ ৭ খন খেল খেলিছে । ভাৰতে আটাইকেইখন খেলতে পাকিস্তানক পৰাস্ত কৰিছে ।
১৯৯২ চনত চিডনীত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ খেলখনত ভাৰতীয় দলটো প্ৰথমবাৰৰ বাবে পাকিস্তানৰ মুখামুখি হৈছিল । খেলখনত ভাৰতে ৪৩ ৰাণত জয়ী হৈছিল। তাৰ পাছত ১৯৯৬ চনত বেংগালুৰুত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে পাকিস্তানক ৩৯ ৰাণত পৰাস্ত কৰে । খেলখনত অজয় জাদেজাৰ পাকিস্তানী পেচাৰ ৱাকাৰ ইউনিছৰ বিৰুদ্ধে দুৰ্ধৰ্ষ বেটিং আৰু ভেঙ্কটেশ প্ৰসাদৰ বলত আমিৰ ছোহেলৰ আউটৰ মুহূৰ্ত স্মৰণীয় হৈ আছে ।
১৯৯৯ চনৰ বিশ্বকাপৰ খেলখনতো ভাৰতে ইংলেণ্ডৰ মানচেষ্টাৰত পাকিস্তানক ৪৭ ৰাণত পৰাস্ত কৰে । ২০০৩ চনত দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত ভাৰতীয় দলটোৱে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে । এই খেলখন শচীন তেণ্ডুলকাৰৰ আক্ৰমণাত্মক ইনিংছৰ বাবে স্মৰণীয় ।