অসম

assam

ETV Bharat / sports

Cricket World Cup 2023: বিশাল ছয় কোবোৱাৰ পাছত আম্পায়াৰে ৰোহিতক সুধিলে ‘বেটত কিবা আছে নেকি ?’ - IND Vs PAK

পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই বলাৰক নিৰ্দয় প্ৰহাৰ কৰাৰ লগতে কেইবাটাও ছয় কোবাই ৷ এই সন্দৰ্ভত অন ফিল্ড আম্পায়াৰে ৰোহিতৰ বেটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷

Cricket World Cup 2023
ৰোহিত শৰ্মাৰ বিস্ফেৰক ইনিংছ

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:31 PM IST

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ: শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ক্ৰিকেট বিশ্বকাপত উইকেটৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক জয় অৰ্জন কৰে ভাৰতে ৷ পাকিস্তান দলে ৪২.৫ অভাৰত ১৯১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাই ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ৩০.৩ অভাৰত ৩ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় আৰু মেচখন ৭ উইকেটত জয়লাভ কৰে ৷ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই মেচখনত পাকিস্তানী বলাৰক নিৰ্দয় প্ৰহাৰ কৰি সমগ্ৰ খেলপথাৰত ছয় আৰু চাৰিৰ বৰষুণ নমায় ৷ ৰোহিতে বেটিং কৰি থাকোঁতে খেলপথাৰত এটা ধেমেলীয়া ঘটনা সংঘটিত হয় ৷

আম্পায়াৰে ৰোহিতক সুধিলে - ‘বেটত কিবা আছে নেকি ?’

পাকিস্তানৰ বিৰুদ্ধে খেলখনত ৰোহিতে ৬৩টা বলত ৮৬ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ এই ইনিংছত ৰোহিতে ৬ টা চাৰি আৰু ৬ টা আকাশচুম্বী ছয় কোবায় ৷ পাকিস্তানী বলাৰৰ বিৰুদ্ধে ৰোহিতে অতি সহজে এটাৰ পাছত আন এটা ছয় কোবাইছিল ৷ ইয়াৰ পিছত অন ফিল্ড আম্পায়াৰে ৰোহিতক সুধিলে, ‘ইমান দীঘলীয়া ছয় কেনেকৈ কোবায় ? বেটত কিবা আছে নেকি ?' এই সন্দৰ্ভত ৰোহিত শৰ্মাই হাঁহিমুখীয়া উত্তৰ দি আম্পায়াৰক নিজৰ বাইচেপছ দেখুৱাই কয়, ‘‘বেটত একো নাই, মাত্ৰ মোৰ শক্তি যাৰ বাবে মই দীঘলীয়া ছয় কোবালো ৷’’ ইয়াৰ পিছত আম্পায়াৰ আৰু ৰোহিত দুয়োজনে হাঁহি বন্ধ কৰিব নোৱাৰিলে ৷

বিশ্বকাপত ৰোহিতৰ দুৰ্দান্ত ফৰ্ম অব্যাহত আছে-

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ দুৰ্দান্ত ফৰ্ম ২০২৩ চনৰ বিশ্বকাপতো অব্যাহত আছে আৰু তেওঁৰ বেটৰ পৰা ধাৰাষাৰ ৰাণ বৰষিছে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত শূন্য ৰাণত আউট হোৱাৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে ৮৪টা বলত ১৩১ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলিছিল হিটমেনে ৷ এই ইনিংছত তেওঁ ১৬টা চাৰি আৰু ৫টা ছয় কোবায় ৷ পাকিস্তানৰ বিৰুদ্ধেও ৰোহিতৰ বেটিং ধুমুহা অব্যাহত আছিল আৰু তেওঁ ৮৬ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলিছিল ৷ অৱশ্যে এই মেচত তেওঁ শতক অৰ্জন কৰিব নোৱাৰিলে ৷

লগতে পঢ়ক :Cricket World Cup 2023 : ক্ৰিকেট বিশ্বকাপত শচীন, ৰোহিত, কোহলীৰ নামত সৰ্বাধিক অৰ্ধ শতক

ABOUT THE AUTHOR

...view details