স্পৰ্টছ ডেস্ক, 11 অক্টোবৰ : বুধবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত চলিত বিশ্বকাপৰ নৱমখন খেলত ভাৰতৰ মুখামুখি হয় আফগানিস্তান ৷ এই মেচখনত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত বিজয় সাব্যস্ত কৰিছে ৷ চলিত বিশ্বকাপত এইয়া ভাৰতৰ ক্ৰমাগত দ্বিতীয়টো জয় ৷ উল্লেখ্য যে, ভাৰতে ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপ 2023ৰ অভিযান আৰম্ভণি কৰিছিল ৷
273 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে ৰোহিত শৰ্মাৰ বিস্ফোৰক শতকৰ সহায়ত 35 অভাৰতে 2টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইনিংছ আৰম্ভ কৰি অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক বেটিঙৰ সহায়ত দলক বিজয়ৰ সোৱাদ দিয়ে ৷ ৰোহিত শৰ্মাই 84 টা বলত 131 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ অধিনায়কজনৰ শতকীয় ইনিংছটোত 5 টা ছয় আৰু 16 টা চাৰি আছিল ৷
ইফালে অপেনাৰ ইশান কিষণে 47 টা বলত সংগ্ৰহ কৰে 47 ৰাণ ৷ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে 56 টা বলত 55 ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে 23 টা বলত 25 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ আফগানিস্তানৰ হৈ ৰছিদ খানে 8 অভাৰত 57 ৰাণ খৰছ কৰি দখল কৰে 2 টা উইকেট ৷
ইয়াৰ পূৰ্বে লীগ পৰ্যায়ৰ খেলখনত আফগানিস্তানৰ অধিনায়ক হাছমাতুল্লা শ্বাহিদীয়ে টছত জয়ী হৈ ভাৰতৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ নিজৰ ইনিংছ আৰম্ভ নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই আফগানিস্তানে 272 ৰাণ সংগ্ৰহ কৰে ৷ 6.4 অভাৰত ইব্ৰাহিম জাদৰানৰ ৰূপত আফগানিস্তানৰ প্ৰথমটো উইকেটৰ পতন ঘটে ৷ 22টা বলত 22 ৰাণ সংগ্ৰহ কৰি যশপ্ৰীত বুমৰাহৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ইব্ৰাহিম জাদৰানে ৷