স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় মেন ইন ব্লু ৷ প্ৰায় 1 লাখ 32 হাজাৰ দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল কেৱল ইণ্ডিয়া ইণ্ডিয়া ধ্বনি ৷ বিশ্বকাপ ক্ৰিকেট 2023ৰ আটাইতকৈ আকৰ্ষিত বুলি ক’ব পৰা এই খেলখনক লৈ আশাবাদী আছিল ভাৰতীয় দলৰ লগতে ভাৰতৰ ক্ৰিকেটপ্ৰেমীও ৷ সুন্দৰ প্ৰদৰ্শনেৰে ৰোহিত বাহিনীয়ে সেই আশাক বাস্তব কৰি তুলিলে ৷
বেটিং বিপৰ্যয়ত বিধ্বস্ত পাকিস্তানে ভাৰতক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে 192 ৰাণৰ লক্ষ্য ৷ ভাৰতৰ দুই অপেনাৰ শুভমন গিল আৰু অধিনায়ক ৰোহিত শৰ্মাই সুন্দৰভাৱে খেলৰ আৰম্ভণি কৰে ৷ 16 ৰাণ কৰি গিল পেভিলিয়নমুখী হোৱাৰ পিচত ৰোহিতে কোহলিৰ সৈতে বেটিং নিয়ন্ত্ৰণ কৰে যদিও কোহলিয়েও 16 ৰাণ কৰিয়েই কেচ আউট হয় ৷
তাৰ পাচত আৰম্ভ হয় ৰোহিত আৰু শ্ৰেয়াছ আয়াৰৰ মাৰমুখী বেটিং ৷ ৰোহিতে 63 বলত 86 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলাৰ বিপৰীতে আয়াৰে 62 বলত 53 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ 21.4 অভাৰত দলৰ স্ক’ৰ 156 হোৱাৰ সময়তে কেচ আউট হয় ৰোহিত শৰ্মা ৷ শেষত কে এল ৰাহুল আৰু আয়াৰে মিলি ভাৰতক জয়ৰ সোৱাদ দিয়ে ৷ কে এল ৰাহুলে 19 ৰাণৰ বৰঙণি যোগায় ৷ জশপ্ৰীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷
আনহাতে, ভাৰতীয় বলাৰসকলৰ সুন্দৰ প্ৰদৰ্শনেৰে পাকিস্তান দলৰ ইনিংছ 191 ৰাণতে সীমাবদ্ধ ৰাখে । আনকি পাকিস্তান দলে সম্পূৰ্ণ 50 অভাৰো ক্ৰিজত থাকিব নোৱাৰিলে । 42.5 অভাৰত পাকিস্তান দলে 191 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ।
ভাৰতৰ হৈ সকলোতকৈ সফল বলাৰ হৈছে যশপ্ৰীত বুমৰাহ । বুমৰাহে 7 অভাৰত মাত্ৰ 19 ৰাণৰ বিনিময়ত দুটা উইকেট লাভ কৰে । আনহাতে, বাকী আঠটা উইকেট মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ ভগাই লয় ।
পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বাবৰ আজমে । বাবৰে অৰ্ধশতক অৰ্জন কৰাৰ পিছতে মহম্মদ চিৰাজৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে । দ্বিতীয় সৰ্বাধিক ৰাণ আহে মহম্মদ ৰিজৱানৰ বেটৰ পৰা । ৰিজৱানে 49 ৰাণ কৰি আউট হয় । আনহাতে, ইমাম-উল হক আৰু আব্দুল্লা চফিকে ক্ৰমে 36 আৰু 20 ৰাণকৈ সংগ্ৰহ কৰে ।