স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ :আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেলত ভাৰতীয় দলটো পৰাজিত হোৱাৰ লগে লগে ১৪০ কোটি দেশবাসীৰ হৃদয় ভাঙি গৈছে । কেৱল হিয়া ভগাই নহয় ২০২৩ চনৰ বিশ্বকাপত ভাৰতক ট্ৰফী লাভ কৰাৰ সপোনো ভংগ হৈছে । ইফালে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰায় ১.৫ লাখ লোকে তেওঁলোকৰ অধিনায়কৰ হাতত ট্ৰফী নেদেখি মৰ্মাহত হৈছে ।
কিছু অনুৰাগীয়ে আকৌ এই মুহূৰ্তটো চাব নোৱাৰিলে । যাৰ বাবে তেওঁলোকে খেলৰ মাজতে ষ্টেডিয়াম এৰি ওলাই গ'ল । খেলখন চাই থকা প্ৰতিগৰাকী অনুৰাগীয়ে কান্দি উঠিছিল আৰু পৰাজয়ৰ পাচতো চমৎকাৰী প্ৰদৰ্শনৰ বাবে দলটোক অভিনন্দন জনাইছে । কেৱল লাখ লাখ অনুৰাগীৰ চকুত চকুপানী নাছিল ।
ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই খেলখনত পৰাজিত হোৱাৰ পাচতে অশ্ৰুসিক্ত নয়নেৰে খেলপথাৰ ত্যাগ কৰিছিল । বিৰাট কোহলীও ভিতৰৰ পৰা বহুত দুখী যেন লাগিছিল । হয়তো তেওঁ আৱেগিক মুখ লুকুৱাবলৈ টুপীৰ আশ্ৰয় লৈছিল । ভাৰতীয় দলৰ উইকেটকিপাৰ কে এল ৰাহুল খেলপথাৰত বহি পৰিছিল । মহম্মদ চিৰাজে কান্দোনত ভাগি পৰিছিল আৰু ভাৰতীয় পেচাৰগৰাকীৰ মুখত চকুপানী স্পষ্টভাৱে দেখা গৈছিল । ঠিক তেতিয়াই, তেওঁৰ কাষত থিয় হৈ যশপ্ৰীত বুমৰাহে সাৱতি ধৰি শান্ত্বনা দিয়াৰ চেষ্টা কৰিছিল ।