স্পৰ্টছ ডেস্ক, ৫ নৱেম্বৰ :শেহতীয়া বছৰবোৰত বিশ্বত ক্ৰিকেটৰ সমাদৰ আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে । অনুৰাগীসকলে বহু সময়ত ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা বিভিন্ন ধৰণে বৰ্ণনা কৰিছে । যাৰ বাবে ক্ৰিকেট উপভোগ কৰিবলৈ বা নিজৰ দলটোক সমৰ্থন জনাবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি আহিছে অনুৰাগীসকলে । ক্ৰিকেট অনুৰাগীৰ এনে বহু কাহিনী আছে । এইবাৰ চলিত বিশ্বকাপত তেনে এক আকৰ্ষণীয় কাহিনী চৰ্চালৈ আহিছে ।
ইডেন গাৰ্ডেনত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল চাবলৈ কলকাতালৈ আহিছে দক্ষিণ আফ্ৰিকাৰ ৩ গৰাকী বিশেষ অনুৰাগী । তেওঁলোকক বিশেষ বুলি কোৱাৰ কাৰণ হৈছে তেওঁলোকে টিকটৰ প্ৰকৃত মূল্যতকৈ বহু বেছি মূল্যত টিকট বুকিং কৰিছে । দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী অনুৰাগীয়ে ২০ গুণ বেছি মূল্যত পৰিশোধ কৰি টিকট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে । তেওঁলোকৰ দুগৰাকী ইতিমধ্যে ভাৰতত উপস্থিত হৈছে আৰু তৃতীয়গৰাকী খেলখনৰ পূৰ্বে ভাৰতত উপস্থিত হোৱাৰ কথা আছিল ।
ইফালে চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকা দলটোৰ বাবে যথেষ্ট আকৰ্ষণীয় হৈছে । দলটোৱে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । পিটাৰ আৰু জন নামৰ অনুৰাগী দুজনে দলটোৰ উৎকৃষ্ট প্ৰদৰ্শন চাবলৈ লণ্ডনৰ পৰা কলকাতালৈ অহাৰ কথাও স্বীকাৰ কৰিছে । দুয়োগৰাকী শুকুৰবাৰে কলকতাত উপস্থিত হয় আৰু পাৰ্ক ষ্ট্ৰীটৰ এখন হোটেলত নিশা কটাইছে । ইফালে তৃতীয়গৰাকী বন্ধু খেলখন আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত হোৱাৰ কথা আছিল ।
দুয়োজন ক্ৰিকেট অনুৰাগীয়ে কৈছে যে তেওঁলোকে ইডেন গাৰ্ডেনত তেওঁলোকৰ দলটো বিজয়ী হোৱাটো বিচাৰে । অৱশ্যে ভাৰতীয় দলটোৰ বাবে ঘৰুৱা পিটছত সুবিধা থাকিব বুলিও তেওঁলোকে উল্লেখ কৰে । যদি দক্ষিণ আফ্ৰিকাই টছত জয়ী হয়, প্ৰথমে বেটিং কৰে আৰু ৪০০ ৰাণ সংগ্ৰহ কৰে তেন্তে দলটোৱে মেচখন জয়ী হোৱাৰ এক উপযুক্ত সুযোগ আছে বুলিও উল্লেখ কৰিছিল দুয়োজন অনুৰাগীয়ে ।