অসম

assam

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:42 PM IST

ETV Bharat / sports

CWC 2023 : আমি আৰু ভাল খেলিব লাগিব; আফগানিস্তানৰ হাতত পৰাজয়ৰ পিছত বাটলাৰ

চলিত আইচিচি ক্ৰিকেট বিশ্বকাপত তিনিখন মেচৰ দুখনত পৰাজয়বৰণ কৰি বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ডে হতাশজনকভাৱে নিজৰ অভিযান আৰম্ভ কৰিছে । অধিনায়ক জছ বাটলাৰ অৱশ্যে আশাবাদী যে প্ৰতিযোগিতাখনৰ আগন্তুক মেচত তেওঁৰ দলৰ খেলুৱৈসকল স্বাভাৱিক ছন্দলৈ উভতি আহিব ।

আফগানিস্তানৰ হাতত পৰাজয়ৰ পিছত বাটলাৰ
CWC 2023

স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ : চলিত বিশ্বকাপৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ অঘটনটো ঘটে দেওবাৰে । আফগানিস্তানে দেওবাৰে নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক লীগ মেচত ৬৯ ৰাণত ধৰাশায়ী কৰে ।

এই পৰাজয়ৰ পিছত ইংলেণ্ডৰ অধিনায়ক জছ বাটলাৰে কয় যে তেওঁৰ দলটোৱে প্ৰতিযোগিতাখনত আগবাঢ়ি যাবলৈ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট খেলিব লাগিব । উল্লেখ্য যে ইংলেণ্ডে প্ৰথম তিনিখন মেচৰ দুখনত পৰাজয়ৰ সন্মুখীন হৈছে ।

ইংলেণ্ডে চলিত বিশ্বকাপৰ আৰম্ভণি মেচখনতে নিউজীলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হয় । ৰাচিন ৰবীন্দ্ৰ আৰু ডেভন কনৱেৰ শতকৰ সহায়ত নিউজীলেণ্ডে কেংগাৰী বাহিনীক পৰাস্ত কৰে । ইয়াৰ পিছত স্পিনাৰ ৰছিদ খান, মুজিব-উৰ-ৰহমানৰ স্পিন যাদুত আফগানিস্তানৰ হাতত আত্মসমৰ্পণ কৰে ।

"হয় । মই পূৰ্বতে উল্লেখ কৰাৰ দৰে আমি প্ৰতিযোগিতাখন আৰম্ভ কৰিব বিচৰা ধৰণে হোৱা নাই । কিন্তু এইটো হৈছে এক পৰিস্থিতি, য'ত আমি নিজকে বিচাৰিব লাগিব আৰু আমি আগবাঢ়ি যাবলৈ আমাৰ কিছু শ্ৰেষ্ঠ ক্ৰিকেট খেলিব লাগিব ।" বাটলাৰে মেচৰ পিছত সাংবাদিকৰ আগত কয় ।

তেওঁ লগতে কয় যে এই সংকটৰ সময় পাৰ কাৰ ক্ষেত্ৰত তেওঁৰ দলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ।

"হয়, এইটো স্পষ্টভাৱে এক ডাঙৰ বিফলতা । প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰথম তিনিখন মেচ কেনেদৰে শেষ হ'ব তাৰ এক বেলেগ ধাৰণা হয় । আমি যথেষ্ট বৈশিষ্ট্য, দলৰ ভিতৰত যথেষ্ট স্থিতিস্থাপকতা আৰু সৰ্বাধিক বিশ্বাস দেখুৱাব লাগিব । দলত বহু উৎকৃষ্ট খেলুৱৈ আছে আৰু আমি আজি (দেওবাৰে) সেই মতে ভাল খেলিব পৰা নাই । কিন্তু আমি সেই বিশ্বাস ৰাখিব লাগিব ।" বাটলাৰে কয় ।

উল্লেখ্য যে দেওবাৰৰ মেচখনত আফগানিস্তানে অপেনাৰ ৰহমানুল্লাহ গুৰবাজৰ ৮০ ৰাণৰ সুন্দৰ ইনিংছ আৰু অন্তিম অভাৰত মুজিব-উৰ ৰহমানৰ ২৮ ৰাণৰ মাৰমুখী ৰাণৰ সহায়ত তেওঁলোকৰ দ্বিতীয় সৰ্বাধিক বিশ্বকাপৰ স্ক'ৰ সংগ্ৰহ কৰে । দলটোৰ প্ৰাৰম্ভিক বেটছমেনৰ যুটিটোৱে শতকৰ সীমা অতিক্ৰম কৰে । আনহাতে, ইয়াৰ বিপৰীতে ইংলেণ্ডে এটা সময়ত ৯১ ৰাণতে ৪ টা উইকেট বিসৰ্জন দিয়ে ।

আনহাতে, ইংলেণ্ড দলটোৱে নিজৰ পৰিকল্পনা সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই নেকি বুলি সোধাত বাটলাৰে কয়, "আমি সদায় ইতিবাচক খেলিব বিচাৰোঁ আৰু আক্ৰমণাত্মক হ'ব বিচাৰোঁ । কিন্তু কেতিয়াবা আপুনি যিমান ভাল খেলিব বিচাৰে সিমান ভালদৰে খেলিব নোৱাৰে । যদিও আফগানিস্তানে আমাৰ ওপৰত ভাল চাপ সৃষ্টি কৰিছিল । হয়তো আমি ভবাৰ উইকেটে খেলা নাছিল আৰু হয়তো আমি ভবাৰ দৰে কুঁৱলী সিমান পৰা নাছিল ।" উল্লেখ্য যে ইংলেণ্ডে পৰৱৰ্তী লীগ মেচত ২১ অক্টোবৰত মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :Cricket World Cup 2023 : চলিত বিশ্বকাপত প্ৰথম মেচত জয়ৰ বাবে অষ্ট্ৰেলিয়াৰ সন্মুখত ২১০ ৰাণৰ লক্ষ্য

ABOUT THE AUTHOR

...view details