স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপত অপৰাজিত হৈ থকাৰ অভিলেখ গঢ়ি 45 সংখ্যক অৰ্থাৎ অন্তিমখন লীগ মেচত দেওবাৰে ভাৰতে নেদাৰলেণ্ডক 160 ৰাণত পৰাস্ত কৰে ৷ লগতে চলিত বিশ্বকাপত লীগ পৰ্যায়ৰ 9 খন মেচৰ আটাইকেইখনতে জয়লাভ কৰি অভিলেখ গঢ়িছে ভাৰতীয় ক্ৰিকেট দলে ৷
টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে শক্তিশালী বেটিঙেৰে নেদাৰলেণ্ডৰ সন্মুখত বান্ধি দিছিল 411 ৰাণৰ লক্ষ্য ৷ নিজৰ ইনিংছ আৰম্ভ কৰি ডাচ্চ বাহিনীয়ে 47.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 250 ৰাণ ৷ তেজা নিদামানুৰুৱে সাৰ্বাধিক 54 ৰাণৰ বৰঙণি আগবঢ়াই ৷ চাইব্ৰাণ্ড এংগেলব্ৰেচ্টে 45 ৰাণ সংগ্ৰহ কৰে ৷
ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাই 2 টাকৈ উইকেট দখল কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দখল কৰে 1 টাকৈ উইকেট ৷ মূল একাদশত কোনো পৰিৱৰ্তন নকৰাকৈ আজি খেলপথাৰত নামিছিল ভাৰতীয় দল ৷
শ্ৰেয়স আয়াৰ আৰু কে. এল. ৰাহুলৰ দুৰ্দান্ত বেটিঙৰ সহায়ত ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 410 ৰাণ ৷ শ্ৰেয়স আয়াৰে বিস্ফোৰক বেটিঙেৰে 94 টা বলত 128 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ কে.এল.ৰাহুলেও দুৰ্দান্ত বেটিঙেৰে মাত্ৰ 64 টা বলত সংগ্ৰহ কৰে 102 ৰাণ ৷ দুয়োজন ভাৰতীয় বেটছমেনৰ বেটিং বিক্ৰমত অসহায় হৈ পৰা পৰিলক্ষিত হয় ডাচ্চ বলাৰ সকলক ৷