অসম

assam

ETV Bharat / sports

ICC World Cup 2023 : ৱানখেড়েত হিটমেন শ্ব' চাবলৈ আগ্ৰহী অনুৰাগী - India vs Sri Lanka match at Wangkhede

চলিত বিশ্বকাপত ৰোহিত শৰ্মাক এগৰাকী যোগ্য অধিনায়কৰ ইনিংছ খেলা দেখা গৈছে । ঘৰুৱা ষ্টেডিয়ামত আজি শ্ৰীলংকাৰ বিৰুদ্ধেও ৰোহিতৰ আকৰ্ষণীয় ইনিংছ চাবলৈ আগ্ৰহী তেওঁৰ অনুৰাগী । হিটমেনৰ বেট পুনৰ এবাৰ চলিব নে ?

ICC World Cup 2023
ৱানখেড়েত হিটমেন শ্ব' চাবলৈ আগ্ৰহী অনুৰাগী

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 11:46 AM IST

স্পৰ্টছ ডেস্ক,২ নৱেম্বৰ :ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা চলিত আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ ত সুন্দৰ ফৰ্মত আছে আৰু দলটোক সন্মুখৰ পৰা নেতৃত্ব দি আছে । বিশ্বকাপৰ লীগ পৰ্যায়ত ভাৰতে এতিয়ালৈকে ৬ খন খেলত জয়লাভ কৰি প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে ।

ভাৰতে এতিয়ালৈকে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াক পৰাজিক কৰিছে, নতুন দিল্লীৰ কোটলাত আফগানিস্তানক পৰাস্ত কৰিছে, আহমেদাবাদত চিৰ প্ৰতিদ্বন্দী পাকিস্তানক, পুনেত বাংলাদেশক, ধৰ্মশালাত নিউজিলেণ্ডক আৰু লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত ১০০ ৰাণৰ ব্যৱধানত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোহিতৰ প্ৰদৰ্শনক বাদ এতিয়ালৈ তেওঁ এক শক্তিশালী স্থিতিত আছে । ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ১৩১ ৰাণ কৰাৰ পাছত এতিয়ালৈকে তেওঁ প্ৰতিযোগিতাত দুটা মেন অফ দ্য মেচ বঁটাও অৰ্জন কৰিছে । হিটমেন খ্যাত ৰোহিতে ৬ খন খেলৰ ভিতৰত ৫ খনত গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কৰিছে । যাৰ বাবে দলটো প্ৰতিযোগিতাত অপৰাজেয় হৈ আছে ।

৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক ব্যক্তিগত স্ক'ৰসহ তেওঁৰ নামত কেইবাটাও এদিনীয়া ৰেকৰ্ড আছে । এই প্ৰতিযোগিতাখনত ৬৬.৩৩ গড়ৰ সৈতে তেওঁ ৩৯৮ ৰাণ সংগ্ৰহ কৰিছে ।

ইফালে অধিনায়কজনৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামৰ সৈতে এক বিশেষ সম্পৰ্ক আছে । কিয়নো এইখন তেওঁৰ ঘৰুৱা খেলপথাৰ আৰু এই খেলপথাৰৰ সৈতে তেওঁৰ অসংখ্য স্মৃতি জড়িত আছে । ঘৰুৱা ক্ৰিকেটৰ উপৰিও ৰোহিতে মুম্বাই ইণ্ডিয়ানছক অভিলেখ ৫ টা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খিতাপত নেতৃত্ব দিছে আৰু আইপিএলত তেওঁৰ ফ্ৰেঞ্চাইজিৰ ঘৰুৱা খেলপথাৰ হৈছে ৱাংখেড়ে ষ্টেডিয়াম । ৰোহিত শৰ্মাইও প্ৰতিযোগিতাত আন এটা শতকৰ সৈতে ঘৰুৱা খেলপথাৰত দৰ্শকক বিশেষ আমেদ দিবলৈ চেষ্টা চলাব ।

ৰোহিতে পূৰ্বে কৈছিল যে বানখেড়ে ষ্টেডিয়াম তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ । আনহাতে ষ্টেডিয়ামত নতুনকৈ উন্মোচন হোৱা শচীন তেণ্ডুলকাৰৰ প্ৰতিমূৰ্তিয়েও ৰোহিতক অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে ।

লক্ষণীয়ভাৱে এতিয়ালৈ অপৰাজেয় হৈ থকা ভাৰতে শ্ৰীলংকাকো পৰাস্ত কৰি আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত আনুষ্ঠানিকভাৱে স্থান নিশ্চিত কৰিব বিচাৰিব । ভাৰতৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ এইখন ১০১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল হ'ব ।

লগতে পঢ়ক :Sachin Tendulkar life size statue : ৱাংখেড়ে ষ্টেডিয়ামত উন্মোচন কৰা হ’ল মাষ্টাৰ ব্লাষ্টাৰৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details