অসম

assam

ETV Bharat / sports

অলিম্পিকত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট !

আপোনাৰ প্ৰিয় খেল কি ? ক্ৰিকেট আপুনি কিমান ভাল পায় ? কোহলী, ধোনী, যুৱৰাজ, শচীন, দ্ৰবিড়কে ধৰি খেলুৱৈ সকলৰ ভিতৰত আপোনাৰ প্ৰিয় কোন ? ক্ৰিকেট যদি অলিম্পিকত অন্তৰ্ভুক্ত হয়, তেতিয়া কেনে হ’ব বাৰু ? 2028ৰ লছ এঞ্জেলিছ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ক্ৰিকেট ৷

ICC to push for cricket's inclusin in 2028 Los Angeles Olympics
অলিম্পিকত অন্তৰ্ভূক্ত হ’ব ক্ৰিকেট !

By

Published : Aug 10, 2021, 5:09 PM IST

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : অলিম্পিকত ক্ৰিকেটক সংযোজন কৰিবলৈ প্ৰস্তুত ICC ৷ 2028 ৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটক সংযোজিত কৰাৰ প্ৰাৰম্ভিক প্ৰস্তুতি চলাব বুলি নিজৰ ইচ্ছা ব্যক্ত কৰিছে ICC য়ে ৷ ইতিমধ্যেই এই লক্ষ্যক বাস্তবায়িত কৰাৰ বাবে এখন কাৰ্যকৰী কামিটীয়ো গঠন কৰিছে ICC য়ে ৷

আমেৰিকাত বাস কৰা প্ৰায় 30 মিলিয়ন ক্ৰিকেটপ্ৰেমীয়ে 2028 ত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱখনিত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনৰ বাবে উৎসুক হৈ আছে ৷ ইয়াৰ পূৰ্বে 1900 চনত প্ৰথম আৰু অন্তিমবাৰৰ বাবে অলিম্পিকত ক্ৰিকেট অনুষ্ঠিত কৰা হৈছিল ৷ এই খেলখনত দুটা দল ক্ৰমে গ্ৰেট ব্ৰিটেইন আৰু আয়োজক চহৰ ফ্ৰান্সে অংশ গ্ৰহণ কৰিছিল ৷

অৰ্থাৎ 2028 ত প্ৰায় 128 বছৰৰ পাচত অলিম্পিকত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনৰ আশা কৰা হৈছে ৷

ইতিমধ্যে, 2022 ত অনুষ্ঠিত হ’বলগীয়া বাৰ্মিংহাম কমনৱেল্থ গেমছত (Birmingham 2022 Commonwealth Games) ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত ICC-ৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই (Greg Barclay) কয়, অলিম্পিকত ক্ৰিকেটৰ সংযোজন ক্ৰিকেট আৰু অলিম্পিক উভয়ৰে বাবে লাভজনক হ’ব ৷

গ্ৰেগ বাৰ্কলেই (Greg Barclay) কয়, "প্ৰথমতে ICC-ৰ সকলো সদস্যৰে তৰফৰ পৰা, মই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক এছ’চিয়েশ্যন, টকিঅ’ 2020 আৰু জাপানৰ জনসাধাৰণ যিয়ে কঠিন পৰিস্থিতিৰ মাজতো এই খেলৰ উৎসৱটিক সাৰ্থক কৰি তুলিলে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ৷ সমগ্ৰ বিশ্বৰে ভাৱনা আৰু এই ভাৱনাক বান্ধি ৰখা চাবলৈ পোৱাটো সঁচাকৈয়ে আমোদজনক আছিল আৰু আমি ক্ৰিকোটকো ভৱিষ্যতে এই খেলৰ অংশ হোৱাটো চাবলৈ বিচাৰো ৷ আমি অলিম্পিকক ক্ৰিকেটৰ দীৰ্ঘ ভৱিষ্যতৰ অংশ হিচাপে দেখো ৷"

লগতে পঢ়ক :Tokyo Olympics 2020 : ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী তাৰকাসকল

সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ কোটি কোটি অনুৰাগী আছে আৰু তেওঁলোকৰ 90 শতাংশই ক্ৰিকেটক অলিম্পিকত চাবলৈ বিচাৰে বুলি কয় গ্ৰেগ বাৰ্কলেই ৷ তেওঁ আৰু কয় যে, ‘স্পষ্টকৈ ক’বলৈ গ’লে দক্ষিণ এছিয়াত ক্ৰিকেটৰ অধিক শক্তিশালী আৰু উৎসাহী অনুৰাগী আছে কাৰণ প্ৰায় 92 শতংশ ক্ৰিকেট অনুৰাগীয়েই দক্ষিণ এছিয়াৰ দেশসমূহৰ ৷ ইয়াৰ উপৰিও আমেৰিকাত ক্ৰিকেটৰ প্ৰায় 30 মিলিয়ন অনুৰাগী আছে ৷ গতিকে অলিম্পিকৰ মহাৰণত তেওঁলোকৰ প্ৰিয় তাৰকাসমূহে প্ৰতিদ্বন্দিতা কৰা চাবলৈ পোৱাটো সঁচাকৈয়ে অন অন্য অনুভূতি হ’ব ৷’

"অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি যথেষ্ট আকৰ্ষণীয় হ’ব যদিও আমি জানো যে এই যাত্ৰা ইমান সহজ নহ’ব ৷ কাৰণ আৰু বহুটো খেল আছে যিসমূহে এই মহান ক্ৰীড়া মহোৎসৱত অন্তৰ্ভুক্ত হ’ব বিচাৰে ৷ কিন্তু আমি ভাৱো এয়াই উচিত সময় ক্ৰিকেট আৰু অলিম্পিকৰ মিত্ৰতাৰ বাবে খোজ আগবঢ়োৱাৰ ৷"- গ্ৰেগ বাৰ্কলেই (Greg Barclay) কয় ৷

উল্লখ্য যে, ICC অলিম্পিকৰ কাৰ্যকৰী কমিটীৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ইয়ান ৱাটমোৰক ৷ তেওঁলোকক সহযোগ কৰিব ICCৰ Independent Director ইন্দ্ৰ নোয়ী, জিম্বাৱে ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তেভেংগোৱা মুকুহালানী, ICC Associate Member Director আৰু Asian Cricket Councilৰ উপ সভাপতি মহিন্দ্ৰা ভাল্লিপুৰম আৰু USA Cricketৰ অধ্যক্ষ পৰাগ মাৰাথেই ৷

মাৰাথেই বিশ্বাস কৰে দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত ক্ৰিকেটক অলিম্পিকলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ এইটোৱেই উপযুক্ত সময় ৷ তেওঁ লগতে বিশ্বাস কৰে যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱখনিত ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে আমেৰিকাত খেলবিধৰ প্ৰসাৰ বৃদ্ধিত সহায়ক হ’ব ৷

"আমেৰিকাত উৎসাহী ক্ৰিকেট অনুৰাগী আৰু খেলুৱৈ থকাৰ উপৰিও সমগ্ৰ বিশ্বতে ইয়াৰ জনপ্ৰিয়তাই লছ এঞ্জেলছ অলিম্পিকত যথেষ্ট অৱদান আগবঢ়োৱাৰ লগতে দেশখনত মূল খেল হিচাপে ক্ৰিকেটৰ প্ৰসাৰৰ ক্ষেত্ৰটো যথেষ্ট সহায়ক হ’ব বুলি আমি আশাবাদী ৷"USA Cricketৰ অধ্যক্ষ পৰাগ মাৰাথেই এনেদৰে কয় ৷

লগতে পঢ়ক:‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ

ABOUT THE AUTHOR

...view details