স্পৰ্টছ ডেস্ক, ২৭ জুন : চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে বিশ্বকাপৰ সূচী প্ৰকাশ কৰা হৈছে । অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ভাৰত-পাকিস্তানক বিবাদৰ মাজতে আইচিচিয়ে ঘোষণা কৰে বিশ্বকাপত দলসমূহৰ মেচৰ স্থান আৰু সময়সূচী । এইখিনিতে ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপত নিজ দলৰ সময়সূচী আৰু স্থান সন্দৰ্ভত আপত্তি দৰ্শাইছে পাকিস্তান ক্ৰিকেট বোৰ্ডে । কিন্তু পাক ক্ৰিকেট বোৰ্ডে উত্থাপন কৰা সকলো আপত্তি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে চমুকৈ আইচিচিয়ে নাকচ কৰিছে । উল্লেখ্য, আইচিচি আৰু বিচিচিআয়ে মঙলবাৰে ঘোষণা কৰা বিশ্বকাপৰ চূড়ান্ত সূচীত পূৰ্বৰ প্ৰস্তাৱিত খচৰা অনুসৰিয়ে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচখন আহমেদাবাদত অনুষ্ঠিত হ'ব । আনহাতে, আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানৰ মেচৰ স্থান সলনি কৰাৰ বাবে পিচিবিয়ে কৰা অনুৰোধ উপেক্ষা কৰিছে আইচিচিয়ে ।
পাকিস্তান দল ব্যৱস্থাপকৰ ইচ্ছা অনুসৰি, পিচিবিয়ে আফগানিস্তানৰ বিৰুদ্ধে মেচখন চেন্নাইৰ পৰা বেংগালুৰুলৈ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখন চেন্নাইলৈ স্থানান্তৰ কৰিবলৈ আইচিচি আৰু বিচিচিআইক অনুৰোধ জনাইছিল । পাকিস্তান দল ব্যৱস্থাপনাৰ চিন্তা হৈছে যে চেপকৰ ইতিহাসে স্পিনাৰসকলক সহায় কৰে । যাৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে দলটোক অসুবিধাত পেলাব । কিয়নো আফগানিস্তান দলত আছে বিশ্বমানৰ স্পিনাৰ ।
কিন্তু পাকিস্তানৰ এই সন্দৰ্ভত কোনো আপত্তি বা অনুৰোধৰ প্ৰতি মনোযোগ দিয়া নাই বিচিচিআই কিম্বা আইচিচিয়ে । আনহাতে, খেলৰ সূচীত মুম্বাই আৰু কলকাতাত ছেমি ফাইনেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে যদিও পিচিবিয়ে আইচিচিক জনাইছে যে ৰাজনৈতিক আৰু কূটনৈতিক কাৰণত মুম্বাইত খেলাটো সহজ নহয় । কিন্তু এই ক্ষেত্ৰতো আইচিচিয়ে পাকিস্তানৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছে । কিয়নো আইচিচিৰ দৃষ্টিত ক্ৰিকেটৰ খেলপথাৰৰ বিষয়টো গুৰুত্বপূৰ্ণ নহয়, সম্ভাব্য নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিহে স্থানসমূহৰ গুৰুত্ব বিবেচনা কৰা হয় ।