অসম

assam

ETV Bharat / sports

পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু T-20 ক্ৰিকেটত ব্যৱহাৰ হ’ব ষ্টপ ক্লক; পেনাল্টি হ’ব পাঁচ ৰাণ - T20 international match

২০২৩ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে পুৰুষৰ এদিনীয়া আৰু টি-২০ ক্ৰিকেটত পৰীক্ষামূলকভাৱে ষ্টপ ক্লক প্ৰৱৰ্তনৰ বাবে সন্মতি প্ৰকাশ কৰে আই চি চিয়ে ।

ICC introduces stop clock
ICC introduces stop clock

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:54 PM IST

স্প’ৰ্টছ ডেস্ক, 21 নৱেম্বৰ: মঙলবাৰে ক্ৰিকেট খেলৰ গভৰ্নিং ব’ডি আইচিচিয়ে জনোৱা মতে, পুৰুষৰ এদিনীয়া আৰু টি-২০ত বলিং দলসমূহক ৫ ৰানৰ পেনাল্টি প্ৰদান কৰা হ’ব যদিহে এজন বলাৰে এটা ইনিংছত পৰৱৰ্তী অভাৰ বলিং কৰাৰ ক্ষেত্ৰত ৬০ ছেকেণ্ডৰ সীমা অতিক্ৰম কৰে । তৃতীয়বাৰ তেনে কৰিলে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আম্পায়াৰে ৷ ইয়াক প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হ’ব ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আই চি চিয়ে কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে পুৰুষৰ এদিনীয়া আৰু টি-২০ ক্ৰিকেটত পৰীক্ষামূলকভাৱে ষ্টপ ক্লক প্ৰৱৰ্তন কৰিবলৈ চিইচিয়ে সন্মতি প্ৰকাশ কৰিছে ।

ঘড়ীটোৰ সহায়ত অভাৰৰ মাজত লোৱা সময়ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা হ'ব । "যদি বলিং দলটোৱে এটা ইনিংছত পূৰ্বৰ অভাৰ সম্পূৰ্ণ হোৱাৰ ৬০ ছেকেণ্ডৰ ভিতৰত পৰৱৰ্তী অভাৰটো বলিং কৰিবলৈ সাজু নহয় তেন্তে তৃতীয়বাৰৰ বাবে ৫ ৰানৰ পেনাল্টি আৰোপ কৰা হ'ব ৷’’ আইচিচিয়ে এক বিবৃতিত এইদৰে কয় । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলপথাৰ নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াতো পৰিৱৰ্তন আনিলে আইচিচিয়ে ।

‘‘পিটচ আৰু আউটফিল্ড নিৰীক্ষণ নিয়মৰ পৰিৱৰ্তনৰ বাবেও অনুমোদন জনোৱা হৈছিল, য'ত এখন পিটচৰ মূল্যায়ন কৰা মাপকাঠীসমূহৰ সৰলীকৰণ আৰু তাৰ থ্ৰেছহ'ল্ড বৃদ্ধি কৰাকে ধৰি কোনো স্থানৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদাৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ বাবে পাঁচটা অসুবিধাজনক পইণ্টৰ পৰা ছটা পইণ্টলৈ সম্প্ৰসাৰণ পৰা হ’ব ৷" আইচিচিয়ে লগতে কয় ।

বিশ্বকাপ 2023 সমাপ্ত হোৱাৰ পিচতে আই চি চিয়ে এই নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছে ৷ 2023 ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ জয়লাভ কৰি ষষ্ঠবাৰৰ বাবে নিজৰ ঘৰলৈ লৈ যায় ৷ এই বিশ্বকাপতে এটা অভাৱনীয় ঘটনা ঘটে ৷ ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী বেটছমেনক টাইম আউট ঘোষণা কৰা হয় ৷ বাংলাদেশৰ বিৰুদ্ধে হোৱা এখন লীগ মেচত শ্ৰীলংকাৰ অল ৰাউণ্ডাৰ এঞ্জেলো মেথিউজক টাইম আউট ঘোষণা কৰা হয় ৷

লগতে পঢ়ক:বিশ্বকাপ 2023 ৰ স্মৰণীয় ঘটনাক্ৰমৰ অৱলোকন

ABOUT THE AUTHOR

...view details