স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ :আইচিচি আম্পায়াৰৰ এলিট পেনেলৰ অংশ হোৱা নীতিন মেনন আৰু এলিট পেনেলৰ মেচ ৰেফাৰীৰ সদস্য জৱাগল শ্ৰীনাথ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ ২০ গৰাকী মেচ আম্পায়াৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । মেগা টুৰ্ণামেণ্টৰ লীগ পৰ্যায়ত ১৬ গৰাকী আম্পায়াৰ থাকিব । তাৰ ভিতৰত আছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) এমিৰেটছ এলিট পেনেলৰ ১২ গৰাকী আম্পায়াৰ আৰু আইচিচি ইমাৰ্জিং আম্পায়াৰ পেনেলৰ ৪ গৰাকী সদস্য ।
আইচিচি আম্পায়াৰৰ ১২ গৰাকী পেনেল হৈছে ক্ৰমে ক্ৰিষ্টোফাৰ গাফনি (নিউজিলেণ্ড), কুমাৰ ধৰ্মসেনা (শ্ৰীলংকা), মাৰাইছ ইৰাচমাছ (দক্ষিণ আফ্ৰিকা), মাইকেল গফ (ইংলেণ্ড), নীতিন মেনন (ভাৰত), পল ৰাইফেল (অষ্ট্ৰেলিয়া), ৰিচাৰ্ড ইলিংৱৰ্থ (ইংলেণ্ড), ৰিচাৰ্ড কেটলবৰো (ইংলেণ্ড), ৰডনি টকাৰ (অষ্ট্ৰেলিয়া), জোৱেল উইলচন (ৱেষ্ট ইণ্ডিজ), এহসান ৰাজা (পাকিস্তান) আৰু এড্ৰিয়ান হোল্ডষ্টক (ৱেষ্ট ইণ্ডিজ) ।
আইচিচিৰ ইমাৰ্জিং আম্পায়াৰ পেনেলৰ বাকী ৪ গৰাকী আম্পায়াৰ হৈছে শ্বৰ্ফুদৌলা ইবনে শ্বাহিদ (বাংলাদেশ), পল উইলচন (অষ্ট্ৰেলিয়া), এলেক্স ৱাৰ্ফ (ইংলেণ্ড) আৰু ক্ৰিছ ব্ৰাউন (নিউজিলেণ্ড)। অভিজ্ঞ তালিকাখনত লৰ্ডছত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ ফাইনেলৰ বাবে নিযুক্ত ৪ গৰাকী আম্পায়াৰৰ ৩ গৰাকীৰ ভিতৰত অন্তৰ্ভুক্ত আছে কুমাৰ ধৰ্মসেনা, মাৰাইছ ইৰাচমাছ আৰু ৰড টকাৰ ।