স্পৰ্টছ ডেস্ক,১৯ জুন :আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ । যশপ্ৰীত বুমৰাহ কেতিয়া দললৈ উভতিব তাৰে অপেক্ষা কৰি আছে একাংশ ক্ৰীড়াপ্ৰেমীয়ে । সেই সকল ক্ৰীড়াপ্ৰেমী লগতে ভাৰতীয় দলৰ বাবে সুখবৰ । দ্ৰুত আৰোগ্য হৈছে বুমৰাহ । ভাৰতীয় দললৈ উভতি যোৱাৰো প্ৰস্তুতি আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে ।
বুমৰাহৰ অনুৰাগীসকলৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ আৰু আনন্দৰ খবৰ । সোনকালে মৰমৰ খেলুৱৈগৰাকীক খেলপথাৰত খেলি থকা চাবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল । বুমৰাহে এই বছৰৰ এদিনীয়া বিশ্বকাপ ২০২৩ ৰ পূৰ্বে দললৈ উভতি আহিব পাৰে । আগষ্টত ভাৰতীয় দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩ খন টেষ্ট মেচৰ শৃংখলা খেলিব । ইয়াৰ পাছত, অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব । বিশ্বকাপৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত বুমৰাহ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে ।
২০২২ চনৰ ছেপ্টেম্বৰত যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ হৈ অন্তিমখন খেল খেলিছিল । সেইখন টি-২০ খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল । খেলখনৰ সময়ত বুমৰাহে পিঠিত আঘাত পাইছিল । দীৰ্ঘদিন ধৰি পিঠিৰ আঘাতৰ সৈতে যুঁজি থকা বুমৰাহে এই বছৰৰ মাৰ্চত তেওঁৰ অস্ত্ৰোপচাৰ কৰাইছিল । তাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত পুনৰ্বাস আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ।