অসম

assam

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:59 PM IST

ETV Bharat / sports

ICC World Cup 2023 : হেৰিছ ৰৌফৰ অভিলেখ; বিশ্বকাপত সৰ্বাধিক ৰাণ দিয়া বলাৰ হিচাবে পৰিগণিত

ইতিমধ্যে চলিত আই চি চি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা পাকিস্তানে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ হাতত ৯৩ ৰাণত পৰাস্ত হয়। এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ দিয়াৰ অভিলেখ অৰ্জন কৰিছে পাকিস্তানৰ পেচাৰ হেৰিছ ৰৌফে ৷

ICC World Cup 2023
হেৰিছ ৰৌফৰ অভিলেখ

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ : শনিবাৰে কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনত অনুষ্ঠিত চলিত এদিনীয়া বিশ্বকাপৰ নিজৰ অন্তিমখন লীগ মেচত ইংলেণ্ডে পাকিস্তানক 93 ৰাণত পৰাস্ত কৰে ৷ এই মেচত পাকিস্তানৰ বেগী বলাৰ হেৰিছ ৰৌফে এনে এক অভিলেখ সৃষ্টি কৰিলে যিটো তেওঁ একেবাৰেই বিছৰা নাছিল ৷ এদিনীয়া বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰাণ দিয়া বলাৰ হিচাপে পৰিগণিত হৈছে ৰৌফ ৷ 3/64 ৰে সৰ্বাধিক ৰাণ দিয়া বলাৰ হৈ পৰিল ৰৌফ ৷

এই বিশ্বকাপত হেৰিছ ৰৌফে 9 খন মেচ খেলিছিল আৰু এই সময়ছোৱাত তেওঁ 533 ৰাণ দিয়ে ৷ ইয়াৰ লগে লগে তেওঁ এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ দিয়া বলাৰ হিচাপে পৰিগণিত হয় ৷ তেওঁৰ পূৰ্বে এই অভিলেখ আছিল ইংলেণ্ডৰ স্পীন বলাৰ আদিল ৰছিদৰ নামত ৷ 2019 চনৰ বিশ্বকাপত ৰছিদে 526 ৰাণ দিছিল ৷ একে সময়তে এই বিশ্বকাপত 525 ৰাণ খৰছ কৰি এই তালিকাৰ তৃতীয় স্থানত আছে শ্ৰীলংকাৰ দিলছান মধুশংকা ৷

তদুপৰি এদিনীয়া বিশ্বকাপৰ ইতিহাসত একক সংস্কৰণত সৰ্বাধিক ছয় সংগ্ৰহ কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে হেৰিছ ৰৌফ ৷ 9 খন মেচত 16 টা ছয় কোবায় ৷ পাকিস্তানৰ অন্যতম আগশাৰীৰ বেগী বলাৰ হেৰিছ ৰৌফ ৷ ক্ৰিকেট বিশেষজ্ঞ আৰু পাকিস্তানৰ অনুৰাগীসকলে ভাৰতীয় খেলপথাৰত তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি কৈ আছিল যদিও এই প্ৰতিযোগিতাত ৰৌফ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ৷

ইফালে শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডৰ হাতত 93 ৰাণত পৰাস্ত হৈছে পাকিস্তান ৷ এই মেচখনত হেৰিছ ৰৌফে 10 অভাৰত 64 ৰাণ খৰছ কৰি 11টা ৱাইডসহ দখল কৰে 3 টা উইকেট ৷

লগতে পঢ়ক :ICC World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে 93 ৰাণত জয়লাভ ইংলেণ্ডৰ

ABOUT THE AUTHOR

...view details