স্পৰ্টছ ডেস্ক,৪ নৱেম্বৰ : চলিত বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত । বাংলাদেশৰ বিৰুদ্ধে লীগ মেচত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া টীম ইণ্ডিয়াৰ বিশ্বকাপ অভিযানৰ বাকী থকা মেচসমূহত উপলব্ধ নহ'ব । পৰৱৰ্তী দুখন লীগ মেচত হাৰ্দিক পাণ্ডিয়াই খেলিব নোৱাৰাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰায়ে তেওঁ বাহিৰ হ'বলগা হয় ।
নিশ্চিতভাৱে ছেমি ফাইনেলৰ পূৰ্বে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিৰ এই খবৰে ভাৰতীয় দলত এক মোক্ষম আঘাত হানিব । লগতে অনুৰাগীসকলো হতাশ হৈছে । কিয়নো পাণ্ডিয়াই ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ বহু ডাঙৰ প্ৰতিযোগিতাত দলটোক বিজয়ৰ পথলৈ লৈ গৈছে । তেওঁ ভাৰতীয় দলত এগৰাকী গুৰুত্বপূৰ্ণ বেটছমেন আৰু বলাৰৰ ভূমিকা পালন কৰি আহিছে ।
উল্লেখ্য যে হাৰ্দিকে বাংলাদেশৰ বিৰুদ্ধে মেচখনত বলিঙৰ সময়ত নিজে বল এটা ৰাখিবলৈ কৰা চেষ্টাট বাঁও গোৰোহাত আঘাত পায় । তাৰ পিছত তেওঁ আধাতে খেলপথাৰ ত্যাগ কৰিবলগা হয় । অৱশ্যে তেওঁ ছেমি ফাইনেলৰ পূৰ্বে সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল যদিও অৱশেষত সেয়া নহ'ল । তেওঁৰ গোৰোহাৰ স্কেনৰ পিছত সিদ্ধান্ত লোৱা হয় যে পাণ্ডিয়া বৰ্তমান খেলিব পৰা অৱস্থাত নাই । আনহাতে, ভাৰতীয় দল ব্যৱস্থাপনাই ছেমি ফাইনেলৰ বাবে তেওঁৰ ক্ষেত্ৰত কোনো ধৰণৰ বিপদাশংকা ল'ব বিচৰা নাই । সেয়েহে তেওঁৰ পৰিৱৰ্তে প্ৰসিদ্ধ কৃষ্ণক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।