স্প’ৰ্টছ ডেস্ক, 24 ডিচেম্বৰ: ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ভাৰতৰ কিংবদন্তী স্পিনাৰ হৰভজন সিঙে(Harbhajan Singh announces retirement) ৷ ক্ৰিকেটাৰগৰাকীয়ে শুকুৰবাৰে টুইটৰ জৰিয়তে ঘোষণা কৰে অৱসৰৰ কথা ৷ বিগত 23 বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ দলৰ লগত জড়িত হৈ আছিল স্পিনাৰগৰাকী ৷
ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এজন সফল বলাৰৰ অন্যতম হৈছে অফ স্পীনাৰ হৰভজন সিং । 1998 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন এদিনীয়া খেলত দলটোৰ হৈ আত্মপ্ৰকাশ কৰিছিল হৰভজনে ৷ 2007 চনত টি-20 বিশ্বকাপ জয় ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল তেওঁ আৰু উদ্বোধনী সংস্কৰণটোত তেওঁ সাতটা উইকেট দখল কৰিছিল ৷
ভাৰতে 2011 চনত দ্বিতীয়বাৰলৈ বিশ্বকাপ জয় কৰা সময়তে ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল হৰভজন সিং ৷ তেওঁ বিশ্বকাপত ভাৰতৰ মুখ্য স্পিন বলিঙৰ বিকল্প আছিল ৷ হৰভজন সিং শ্ৰীলংকাৰ মুত্তিয়া মুৰলীধৰণৰ পাছত দ্বিতীয় সৰ্বোচ্চ উইকেট দখল কৰা অফ স্পিনাৰ ৷ তেওঁ কেৰিয়াৰত 103 খন টেষ্টত অংশলৈ 417 টা উইকেট দখল কৰিছিল ৷
ভাৰতৰ হৈ হৰভজন সিঙে 236 খন এদিনীয়া আৰু 28 খন টি-20 খেলিছে ৷ এদিনীয়াত হৰভজন সিঙে 269 টা উইকেট আৰু টি-20 ত 25 টা উইকেট দখল কৰিছে । হৰভজন সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ হৰভজনে টুইটাৰত তেওঁৰ 23 বছৰীয়া যাত্ৰাত সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায় ৷
লগতে পঢ়ক :কোহলীৰ অধিনায়কত্বৰ বিবাদক লৈ গাংগুলীয়ে মন্তব্য কৰা উচিত নাছিল : দিলীপ ভেংচৰকাৰ