স্প’ৰ্টছ ডেস্ক, 5 নৱেম্বৰ : আজি 33 বছৰ বয়সত ভৰি দিলে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক(Captain) বিৰাট কোহলী(Virat Kohli)য়ে ৷ নৱ প্ৰজন্মৰ অন্যতম প্ৰিয় বেটছমেন কোহলীয়ে শৈশৱৰ পৰাই লাইমলাইটত থকাৰ ওপৰত গুৰুত্ব দিছিল ৷ 2008 চনত 19ৰ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলটোক বিশ্বকাপ খিতাপ জয়ৰ দিশে লৈ যোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিৰাট কোহলীয়ে ৷
একেই বৰ্ষতে ভাৰতীয় ক্ৰিকেট দলত আত্মপ্ৰকাশ ঘটিছিল বিৰাটৰ ৷ 2011 চনৰ ODI বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দলটোৰ অংশ আছিল বিৰাট কোহলী ৷ 2012 চনত তেওঁক টীম ইণ্ডিয়া(Team India)ৰ উপ-অধিনায়ক(Vice Captain) হিচাপে মনোনীত কৰা হৈছিল ৷ তেতিয়াৰ পৰাই কোহলীৰ বেটিং প্ৰদৰ্শন আৰু অধিক উন্নত হৈ পৰে ৷
তেওঁ 2014 চনত টেষ্ট মেচ(Test Match)ৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে আৰু 2017 চনত এম এছ ধোনী(MS Dhoni)ৰ স্থানত ODIৰ অধিনায়কৰ পদ লাভ কৰে কোহলীয়ে ৷ তেওঁ সকলো ফৰ্মেটতে দলটোক নেতৃত্ব দি আহিছে । অৱশ্যে তেওঁ চলিত টী-20 বিশ্বকাপৰ পাচত টী-20ৰ অধিনায়কত্ব ত্যাগ কৰিব । তেওঁৰ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁ ক্ৰিকেটত অৰ্জন কৰা তিনিটা অবিশ্বাস্য অভিলেখৰ মাজলৈ-
ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট মেচত জয়লাভ-
মুঠ 65 খন টেষ্ট মেচৰ ভিতৰত 38 খন জয়লাভ কৰা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী হৈছে আটাইতকৈ দীঘল ফৰ্মেটৰ আটাইতকৈ সফল ভাৰতীয় অধিনায়ক । সৰ্বাধিক কেপ থকা ভাৰতীয় অধিনায়ক কোহলীয়ে এম এছ ধোনী, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড় আৰু আন বহুতো প্ৰখ্যাত খেলুৱৈৰ তুলনাত আগবাঢ়ি আছে । তেওঁ এনে এটা সময়ত অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল, যিটো সময়ত ভাৰতে বিদেশত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল ৷