অসম

assam

ETV Bharat / sports

ICC ODI RANKINGS: বেটিঙত গিল, বলিঙত ছিৰাজ; ICC ৰ ৰেংক তালিকাৰ শীৰ্ষত দুই ভাৰতীয় ক্ৰিকেটাৰ - ICC ODI World Cup

বেটে-বলে উজলিছে ভাৰতীয় যুৱ ক্ৰিকেটাৰ ৷ পাক ক্ৰিকেটাৰ বাবৰ আজমক অতিক্ৰম কৰি আই চি চিৰ বেটিং ৰেংকিঙৰ শীৰ্ষ স্থানত অধিষ্ঠিত হৈছে শুভমন গিল ৷ বলিঙত শীৰ্ষস্থান লাভ মঃ ছিৰাজৰ ৷

ICC ODI RANKINGS
SIRAJ ATTAIN TOP IN ICC ODI RANKINGS

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 9:18 PM IST

Updated : Nov 8, 2023, 11:01 PM IST

স্প’ৰ্টছ ডেস্ক, 8 নৱেম্বৰ:বুধবাৰে আই চি চিৰ এদিনীয়া ৰেংকিঙত ক্ৰমে বেটিং আৰু বলিং তালিকাত শীৰ্ষ স্থান দখল কৰে ভাৰতৰ অ’পেনাৰ শুভমন গিল আৰু বেগী বলাৰ মহম্মদ চিৰাজে । গিলে বেটছমেনৰ তালিকাত পাকিস্তানৰ অধিনায়ক বাবৰ আজম অতিক্ৰম কৰি শীৰ্ষত স্থান লাভ কৰাৰ বিপৰীতে ছিৰাজে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজক বলাৰৰ তালিকাত অতিক্ৰম কৰি শীৰ্ষাৰোহন কৰে ।

চলি থকা বিশ্বকাপত গিলে বাবাৰক স্থানচ্যুত কৰে আৰু এই প্ৰক্ৰিয়াত শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনি আৰু বিৰাট কোহলীৰ পিছতে নিজৰ দেশৰ পৰা এদিনীয়া বেটছমেনৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰা চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয় । যোৱা সপ্তাহত শ্ৰীলংকাৰ বিৰুদ্ধে ৯২ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৩ ৰান সংগ্ৰহ কৰি চলি থকা প্ৰতিযোগিতাখনত ছটা ইনিংছত মুঠ ২১৯ ৰান সংগ্ৰহ কৰিছে অপেনাৰগৰাকীয়ে ৷

বিশ্বকাপত বাবৰে আঠখন খেলত মুঠ ২৮২ ৰান সংগ্ৰহ কৰিছে ৷ বৰ্তমান গিলতকৈ ছয় ৰেটিং পইণ্ট হ্ৰাস পোৱাত দ্বিতীয় স্থানলৈ নামিছে বাবৰ ৷ লগে লগে বিশ্বৰ ১ নং এদিনীয়া বেটছমেন হিচাপে তেওঁৰ দুবছৰতকৈ অধিক সময়ৰ ৰাজত্বৰ অন্ত পৰিছে । আন আন ভাৰতীয় বেটছমেনৰ ভিতৰত বিৰাট কোহলিয়ে বিশ্বকাপত চাঞ্চল্যকৰ দৌৰৰ পিছত চতুৰ্থ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মা ষষ্ঠ স্থানত আছে ।

বৰ্তমান ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোহলিয়ে আঠটা ইনিংছত গড়ে ১০৮.৬০ ৰানেৰে মুঠ ৫৪৩ ৰান সংগ্ৰহ কৰিছে ৷ ইয়াত অন্তৰ্ভুক্ত আছে দুটা শতক আৰু চাৰিটা অৰ্ধশতক । তৃতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককতকৈ এটা ৰেটিং পইণ্ট আগবাঢ়ি আছে কোহলি । মিডল অৰ্ডাৰৰ বেটছমেন শ্ৰেয়াছ আয়াৰেও ১৭ টা স্থান আগুৱাই ৰেংকিঙত ১৮ নম্বৰ স্থান লাভ কৰে । পাকিস্তানৰ অ’পেনাৰ ফখৰ জামান (তিনিটা স্থান আগুৱাই ১১ নম্বৰলৈ) আৰু আফগানিস্তানৰ ইব্ৰাহিম জাড্ৰানে (ছটা স্থান আগুৱাই ১২ নম্বৰলৈ) স্থান লাভ কৰিছে ।

ইফালে বলাৰৰ মাজত ছিৰাজে প্ৰতিযোগিতাখনত এতিয়ালৈকে কৰা আকৰ্ষণীয় প্ৰচেষ্টাৰে শীৰ্ষ স্থানলৈ উন্নীত হয় । ৫.২৩ ইকনমি ৰেটত আঠখন মেচত এতিয়ালৈকে ১০টা উইকেট দখল কৰি দঃ আফ্ৰিকাৰ কেশৱ মহাৰাজক শীৰ্ষৰ পৰা স্থানচ্যুত কৰিছে ছিৰাজে । আন আন ভাৰতীয় বলাৰৰ ভিতৰত সহযোগী ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহে তিনিটা স্থান আগুৱাই অষ্টম স্থানলৈ যোৱাৰ বিপৰীতে মহম্মদ শ্বামীয়ে ৭টা স্থান আগুৱাই তালিকাত দশম স্থান লাভ কৰিছে ।

বাওঁহতীয়া স্পিনাৰ কুলদীপ যাদৱেও তিনিটা স্থানত আগুৱাই চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে সহযোগী অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই আঠটা ৰেংক উদ্ধাই ১৯ নম্বৰ স্থান দখল কৰিছে । বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে অল ৰাউণ্ডাৰ তালিকাত আগবাঢ়ি থকাৰ বিপৰীতে জাডেজা দশম স্থানত আছে । প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ তৃতীয় সৰ্বাধিক উইকেট দখল কৰা জাডেজাই ৮ খন মেচত ১৪ টা উইকেট লাভ কৰিছে ৷ ইফালে বেটৰ জৰিয়তে তেওঁ চাৰিটা ইনিংছত গড়ে ৫৫.৫০ ৰানকৈ মুঠ ১১১ ৰান সংগ্ৰহ কৰিছে । বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থখন মেচত গোৰোহাত আঘাত পোৱাৰ বাবে প্ৰতিযোগিতাখনৰ বাকী খেলত অংশ ল’ব নোৱাৰিব হাৰ্দিক পাণ্ডিয়া ১৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে ৷

লগতে পঢ়ক:World Cup 2023: মেক্সৱেলৰ দ্বিশতকে সজীৱ কৰিলে 1983 ৰ কপিল দেৱৰ বিস্ফোৰক শতকৰ স্মৃতি

Last Updated : Nov 8, 2023, 11:01 PM IST

ABOUT THE AUTHOR

...view details