অসম

assam

ETV Bharat / sports

India Tour to WI : ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা; দলত গায়কোৱাড়-জয়ছোৱাল, বাদ পূজাৰা-ছামী - Mohammad Shadi dropred from Indian squad to WI

টেষ্ট শৃংখলাৰ পিছত অনুষ্ঠিত হ'বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ৰুতুৰাজ আৰু মুকেশো দলৰ অংশ হ'ব । আনহাতে, সঞ্জু ছেমছনে বিকল্প উইকেটৰক্ষক-বেটাৰ হিচাপে দলত যোগদান কৰিব ।

India Tour to WI
India Tour to WI

By

Published : Jun 23, 2023, 5:31 PM IST

স্পৰ্টছ ডেস্ক, ২৩ জুন :ৰুতুৰাজ গায়কোৱাড়, যশস্বী জয়ছোৱাল আৰু মুকেশ কুমাৰে ভাৰতীয় দলৰ আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ প্ৰথমখন টেষ্ট মেচৰ বাবে দললৈ আমন্ত্ৰণ লাভ কৰিছে । এই টেষ্টখন অহা ১২ জুলাইৰ পৰা ডমিনিকাত আৰম্ভ হ'ব । আগন্তুক দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় নিৰ্বাচক সমিতিয়ে ঘোষণা কৰা দলটোত চেতেশ্বৰ পূজাৰা, উমেশ যাদৱ আৰু মহম্মদ ছামী বাদ পৰিছে । আনহাতে, গায়কোৱাড় আৰু জয়ছোৱালক আমন্ত্ৰণ জনোৱাটোৱে ভাৰতীয় টেষ্ট বেটিং লাইন-আপত পৰিৱৰ্তনৰ সম্ভাৱ্য আৰম্ভণি হিচাপে দেখা গৈছে । উল্লেখ্য, এই টেষ্ট শৃংখলাৰ পৰাই ভাৰতৰ ২০২৩-২৫ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ আৰম্ভণি হ'ব ।

আনহাতে, টেষ্ট শৃংখলাৰ পিছত অনুষ্ঠিত হ'বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ৰুতুৰাজ আৰু মুকেশো দলৰ অংশ হ'ব । লগতে সঞ্জু ছেমছনে দ্বিতীয় বিকল্প উইকেটৰক্ষক-বেটাৰ হিচাপে যোগদান কৰিব । উল্লেখ্য যে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচৰ শৃংখলাও খেলিব । টি-২০ মেচৰ বাবে দলটো পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব । ডমিনিকাৰ উইণ্ডছৰ পাৰ্কত ১২-১৬ জুলাইলৈ প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হ'ব । দ্বিতীয়খন টেষ্ট ২০-২৪ জুলাইলৈ ত্ৰিনিদাদৰ কুইন্স পাৰ্ক অভেলত অনুষ্ঠিত হ'ব । দ্বিতীয়খন টেষ্ট ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা ১০০ সংখ্যক টেষ্ট মেচ হিচাপে পৰিগণিত হ'ব ।

উল্লেখ্য যে প্ৰথম দুখন এদিনীয়া ২৭ আৰু ২৯ জুলাইত বাৰ্বাডোছৰ কেনিংটন অভেলত অনুষ্ঠিত হ'ব । তৃতীয় এদিনীয়াখন ১ আগষ্টত ত্ৰিনিদাদৰ ব্ৰায়ান লাৰা ক্ৰিকেট একাডেমীত অনুষ্ঠিত হ'ব । এই ক্ৰিকেট গ্ৰাউণ্ডে প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ পুৰুষৰ এদিনীয়া মেচ আয়োজন কৰিব ।

ঘোষিত ভাৰতীয় টেষ্ট দলটো : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ৰুতুৰাজ গায়কোৱাড়, বিৰাট কোহলি, যশস্বী জয়ছোৱাল, আজিংক্য ৰাহানে (উপ-অধিনায়ক), কে এছ ভাৰত (উইকেটৰক্ষক), ঈশান কিষাণ (উইকেটৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, জয়দেৱ উনাদকাট, নৱদীপ চাইনী ।

ভাৰতৰ এদিনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ৰুতুৰাজ গায়কোৱাড়, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, সঞ্জু ছেমছন (উইকেটৰক্ষক), ঈশান কিষাণ (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), শাৰ্দুল ঠাকুৰ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জয়দেৱ উনাদকাট, মহম্মদ চিৰাজ, উমৰাণ মালিক, মুকেশ কুমাৰ ।

লগতে পঢ়ক :ICC Suspends Kyle Phillip : ভুল বলিং একচন; আইচিচিয়ে নিষিদ্ধ কৰিলে আমেৰিকান বলাৰ কাইল ফিলিপক

ABOUT THE AUTHOR

...view details