অসম

assam

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:51 PM IST

ETV Bharat / sports

ICC World Cup 2023 : ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’ব বিশ্বকাপ 2023ৰ ফাইনেল : ভৱিষ্যদ্বাণী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কৰ্ষণ ঘাভৰীৰ

৩৯খন টেষ্ট আৰু ১৯খন এদিনীয়া খেলা আৰু কিংবদন্তি কপিল দেৱৰ সৈতে আক্ৰমণৰ আৰম্ভণি কৰা ভাৰতৰ প্ৰাক্তন পেচাৰ কৰ্ষণ ঘাভৰীয়ে ইটিভি ভাৰতৰ প্ৰশান্ত গডছেৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত বাৰ্তালাপ কৰে। চলি থকা ছেমি ফাইনেল আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামতঅনুষ্ঠিত হ’বলগীয়া ফাইনেলত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে জয়লাভ কৰি বহু আকাংক্ষিত ট্ৰফী লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰে ঘাভৰীয়ে।

ICC World Cup 2023
বিশ্বকাপ 2023

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কৰ্ষণ ঘাভৰীৰ সৈতে সাক্ষাৎকাৰ

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : চলিত আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলটোৱে বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ৷ এই প্ৰতিযোগিতাখনত এতিয়ালৈকে লীগ পৰ্য়াযৰ 9 খন মেচতে জয়লাভ কৰিছে মেন ইন ব্লুয়ে ৷ ‘ইটিভি ভাৰত’ৰ সৈতে হোৱা কথা-বতৰাত ভাৰতৰ প্ৰাক্তন পেচাৰ কর্ষণ ঘাভৰীয়ে নিজৰ মত পৰ্কাশ কৰে যে ৰোহিত শর্মা নেতৃত্বাধীন আৰু ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষিত দলটোৱে ছেমি ফাইনেলৰ লগতে চূড়ান্ত খেলতো জয়ী হ’ব ৷

ঘৰুৱা পৰিস্থিতিৰ সুবিধা-

1975 আৰু 1979 চনৰ বিশ্বকাপত নিজৰ বিধ্বংসী বলিঙৰ জৰিয়তে প্ৰতিদ্বন্দ্বী দলক আতংকিত কৰা কৰ্ষণ ঘাভৰীয়ে কয়, "বিশ্বকাপত ভাৰতে যিদৰে একেৰাহে 9 খন মেচত জয়লাভ কৰিছে, সেইদৰে দলটোৰ মনোবল বৃদ্ধি কৰিছে ৷ লগতে এই বিশ্বকাপ ভাৰতত অনুষ্ঠিত হৈছে, ঘৰুৱা পৰিস্থিতিৰ সুবিধাও ভাৰতীয় দলটোৱে লাভ কৰিছে ৷ দলটোৱে ইয়াক বিশ্বকাপৰ ট্ৰফী পাব ৷"

ফাইনেল মেচ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’ব-

বৰ্তমান দক্ষিণ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত প্ৰথমখন ছেমি ফাইনেল মেচ অনুষ্ঠিত হৈ আছে আৰু দ্বিতীয়খন ছেমি ফাইনেলত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ৷ "ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিব, আনহাতে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰিব ৷ এইদৰে বিশ্বকাপৰ ফাইনেল খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'ব আৰু ভাৰতীয় দলটো বিজয়ী হ’ব ৷" ঘৰুৱা ক্ৰিকেটত মুম্বাই আৰু সৌৰাষ্ট্ৰৰ হৈ খেলা ঘাভৰীয়ে লগতে কয় ৷

ফিল্ডিঙত ভাৰতে বহু উন্নতি কৰিলে-

"ভাৰতীয় বেটছমেনে দুটা ডাঙৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰয়োজন ৷ ইয়াৰ বাহিৰেও ভাৰতৰ বলিং শক্তিশালী ৷ নিউজীলেণ্ডৰ বেটছমেনক ভাৰতৰ তিনিজন বেগী বলাৰ (যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু মহম্মদ ছামী) আৰু দুজন স্পীনাৰ (কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজা) ৷ লগতে ভাৰতীয় দলৰ ফিল্ডিঙৰ ক্ষেত্ৰতো এই বিশ্বকাপত বহু উন্নতি হৈছে ৷" প্ৰথম শ্ৰেণীৰ 452 টা উইকেট দখল কৰা ঘাভৰীয়ে কয় ৷

109 টা টেষ্ট উইকেট দখল কৰা ঘাভৰীয়ে শেষত কয়, "অধিনায়ক ৰোহিত শৰ্মাৰ বাবে এয়া হয়তো শেষ বিশ্বকাপ ৷ গতিকে সকলো ক্ৰিকেট অনুৰাগীয়ে এই বিশ্বকাপত ভাৰতক জয়ী হোৱাটো বিচাৰে ৷"

লগতে পঢ়ক :World Cup 2023: সদায় বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়া উচিত: ৰোহিত শৰ্মা

ABOUT THE AUTHOR

...view details