স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : ভাৰতে এতিয়ালৈকে বিশ্বকাপ 2023 ত এক সুন্দৰ প্ৰদৰ্শনেৰে অপ্ৰতিৰোধ্য হৈ আছে আৰু ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰেও দলটোক প্ৰশংসা কৰিছে ৷ লগতে খেলপথাৰত তেওঁলোকৰ প্ৰদৰ্শনতকৈ ফিল্ডিং প্ৰশিক্ষক টি দিলীপৰ ফিল্ডিং প্ৰশিক্ষনে ক্ৰিকেট জগতত চৰ্চা লাভ কৰিছে ৷
তেওঁ ষ্টেডিয়ামৰ পৰ্দাত ফিল্ডিং পদকৰ বিজয়ী ঘোষণা কৰা বা বিজয়ীৰ নাম প্ৰদান কৰা স্পাইডাৰ কেমৰ দৰে অভিনৱ পদ্ধতি ব্যৱহাৰ কৰিছে ৷ মেন ইন ব্লুৱে বৃহস্পতিবাৰে শক্তিশালী বলিং আক্ৰমণেৰে শ্ৰীলংকাক 302 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ পিছত দলটোৱে পদক সমাৰোহ অনুষ্ঠিত কৰে আৰু শ্ৰেয়াছ আয়াৰক শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে এটা পদক প্ৰদান কৰা হয় ৷ অৱশ্যে অনুষ্ঠানটো অধিক বিশেষ হৈ পৰিছিল যেতিয়া কিংবদন্তি শচীন তেণ্ডুলকাৰে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক প্ৰশংসা কৰিছিল ৷
তেণ্ডুলকাৰে 2003 চনৰ বিশ্বকাপত ভাৰতীয় দলটোৱে কেনেদৰে নিজকে অনুপ্ৰাণিত কৰিছিল তাৰ বৰ্ণনা কৰে আৰু লগতে খেলপথাৰত তেওঁলোকৰ সমৰ্পণৰ বাবে বৰ্তমানৰ দলটোক প্ৰশংসা কৰি কয় যে পদক সমাৰোহ ৰোহিত শৰ্মানেতৃত্বাধীন দলটোৱে দেখুওৱা প্ৰতিশ্ৰুতিৰ সৰ্বশ্ৰেষ্ঠ লক্ষণ ৷