স্পৰ্টছ ডেস্ক, 21 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয় লাভ ইংলেণ্ডৰ(England won 2nd test match) ৷ মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত 113 ৰানত বৃহৎ জয় ঘৰুৱা দল ইংলেণ্ডৰ ৷ এই জয় লাভেৰে তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-1 ৰ সমতা স্থাপন ৰুট বাহিনীৰ ৷
মেচখনত ইংলেণ্ড প্ৰথম ইনিংছত বৃহৎ 469 ৰান কৰি ইনিংছ ঘোষণা কৰাৰ বিপৰীতে ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথম ইনিংছত 287 কৰি অল আউট হয় ৷ প্ৰথম ইনিংছৰ 182 ৰানৰ অগ্ৰগতিৰে দ্বিতীয় ইনিংছত ইংলেণ্ডে 3 টা উইকেট হেৰুৱাই 129 ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে ৷