অসম

assam

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলিব নোৱাৰিব টি নটৰাজনে.. - National Cricket Academy

টি নটৰাজনৰ লগতে বৰুণ চক্ৰৱৰ্তীয়ে টি-২০ ৰ ১১ জনীয়া দলত স্থান নোপোৱাৰ সম্ভাৱনা আছে । টি-২০ শৃংখলাৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে তিনিখন এদিনীয়া খেলিব ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলিব নোৱাৰিব টি নটৰাজনে..!
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলিব নোৱাৰিব টি নটৰাজনে..!

By

Published : Mar 10, 2021, 5:11 PM IST

স্পৰ্টছ ডেস্ক,১০ মাৰ্চ: শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰা ভাৰতীয় দলৰ বলাৰ টি নটৰাজন ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ পৰা বাদ পৰিব নেকি ! আঁঠু আৰু কান্ধত আঘাত পোৱাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে খেলুৱৈগৰাকী ।

নেচনেল ক্ৰিকেট একাডেমীয়ে একপ্ৰকাৰ এই কথা নিশ্চিত কৰি কয় যে সম্পূৰ্ণকৈ তেওঁক দলৰ তালিকাৰ পৰা বাহিৰ নকৰিলেও সময়ে তেওঁৰ লগত থাকে নে সেয়াহে লক্ষণীয় হ'ব । অৱশ্যে তেওঁৰ অনুপস্থিতিয়ে দলৰ যথেষ্ট ক্ষতি কৰিব কিন্তু মঙলবাৰে অল ৰাউণ্ডৰ হাৰ্দিক পাণ্ডিয়াই পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ বলিঙৰ বিশেষ স্কীল প্ৰদৰ্শন কৰা দেখা গৈছে । লগে লগে হাৰ্দিকে তেওঁৰ স্থান ল'ব বুলি এক ইংগিত পোৱা গৈছে । উল্লেখ যে ভাৰতীয় দলটোৰ শীৰ্ষ ফিনিছাৰ হিচাপে চৰ্চিত হাৰ্দিকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত সামান্য আঘাত পাইছিল যাৰ বাবে তেওঁ পুনৰ বলিঙৰ বাবে কেতিয়া খেলপথাৰত নামিব তাক লৈ বিভিন্ন প্ৰশ্ন উঠিছিল ।

আনহাতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ স্থান ৰাহুল চাহাৰে দখল কৰাৰো পূৰ্ণ সম্ভাৱনা আছে ৷ কিয়নো পূৰ্বে বাধ্যতামূলক ফিটনেছ পৰীক্ষাত উপনীত হ'ব পৰা নাছিল বৰুণ চক্ৰৱৰ্তী । ৰাহুল ইতিমধ্যে টেষ্ট শৃংখলাৰ বাবে নিজৰ স্থান সংৰক্ষিত কৰি ৰাখিছে ।

ইফালে অক্টোবৰ-নৱেম্বৰ মাহত হ'বলগীয়া টি-২০ বিশ্বৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলা হ'ব ভাৰতীয় দলটোৰ বাবে অনুশীলনৰ এক সুন্দৰ সুযোগ । টি-২০ শৃংখলাৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে তিনিখন এদিনীয়াও খেলিব ।

ভাৰতীয় টি-২০ দলটোৰ খেলুৱৈসকলৰ তালিকাত আছে বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পণ্ট, ইশান কিশান, যুৱেন্দ্ৰ চহল, বৰুণ চক্ৰৱৰ্তী, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰাহুল টেৱাটিয়া, টি নটৰাজন, ভূৱনেশ্বৰ কুমাৰ, দীপক চহৰ, নৱদ্বীপ চাইনী, শ্বাৰ্দুল ঠাকুৰ ।

লগতে পঢ়ক:9 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল 2021

ABOUT THE AUTHOR

...view details