অসম

assam

ETV Bharat / sports

স্পিনিং ট্ৰেককলৈ সমালোচনা কৰা পক্ষক উভটি ধৰিলে বিৰাট কোহলীয়ে - Ravichandran Ashwin

প্ৰথম টেষ্টত ইংলেণ্ডৰ স্পিনাৰৰ হাতত ধৰাশায়ী হোৱা ভাৰতীয় দলে পৰৱৰ্তী দুখন খেলত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় । প্ৰথম অৱস্থাত ভাৰতীয় দলক সমালোচনা কৰা সকলক এইবাৰ উভতি ধৰিলে বিৰাট কোহলীয়ে।

স্পিনিং ট্ৰেককলৈ সমালোচনা কৰা পক্ষক উভটি ধৰিলে বিৰাট কোহলীয়ে
স্পিনিং ট্ৰেককলৈ সমালোচনা কৰা পক্ষক উভটি ধৰিলে বিৰাট কোহলীয়ে

By

Published : Mar 3, 2021, 10:07 PM IST

স্পৰ্টছ ডেস্ক,৩ মাৰ্চ: প্ৰথম টেষ্টত ফলাফল ভাল নহ'লেও বিগত দুখন টেষ্টত ইংলেণ্ডৰ বেটছমেনক ধৰাশায়ী কৰিছে ভাৰতীয় স্পিনাৰসকলে । প্ৰথম টেষ্টত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছতে বিভিন্ন বিতৰ্কৰ সন্মুখীন হৈছিল ভাৰতীয় দল কিন্তু দুখন টেষ্টত ভাৰতীয় স্পিনাৰে একেৰাহে দেখুওৱা প্ৰদৰ্শনৰ বাবে বুধবাৰে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে নিৰৱতা ভংগ কৰে । চতুৰ্থ আৰু অন্তিম টেষ্টৰ বাবে সকলোকে সাজু হবলৈ আহ্বান জনাই কয় যে স্পিনিং ট্ৰেকৰ চাৰিওফালে গুঞ্জন বন্ধ হ'ব লাগিব আৰু খেলুৱৈসকলে মোজা টানি খেলৰ সৈতে আগবাঢ়িব লাগিব ।

চেন্নাইত দুটা ইনিংগছত ক্ৰমে ১৩৪ আৰু ১৬৪ ৰাণ কৰাৰ পিছত ইংলেণ্ডে আহমেদাবাদ টেষ্টত ১১২ আৰু ৮১ ৰাণ লাভ কৰিবলৈ সক্ষম হয় কিয়নো তেওঁলোকৰ সন্মুখত তীব্ৰ বাধা ৰূপে থিয় দিছিল ৰবিচন্দ্ৰন অশ্বিন আৰু অক্সাৰ পেটেল ।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া চতুৰ্থ আৰু অন্তিম টেষ্টৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কোহলীয়ে কয় যে স্পিন টেকৰ বিষয়ে সদায় অত্যাধিক বাৰ্তালাপ হয় । খেলুৱৈ গৰাকী নিশ্চিত যে সংবাদ মাধ্যম পূৰ্বৰ মতামত বা বৰ্তমানৰ মতামতৰ বিৰোধিতা কৰিবলৈ সদায় চেষ্টা কৰিব কিয়নো কেৱল স্পিন ট্ৰেকৰ সমালোচনা কৰাটো অন্যায় । অৱশ্যে তৃতীয় টেষ্টৰ শেষত কোহলীয়ে মোতেৰা ট্ৰেকৰ বিফলতাৰ বাবে বেটছমেনসকলৰ কৌশলক দোষাৰোপ কৰে ।

তেওঁ লগতে দুখ প্ৰকাশ কৰি কয় যে যদি এখন টেষ্ট ৪ বা ৫ দিনত জয়ী হোৱা যায় তেনেহ'লে তাৰ কোনো বিতৰ্ক নকৰে আৰু যদি দুই দিনত শেষ হয় তেতিয়া সকলোৱে একেটা বিষয়তে সমালোচনা কৰি থাকে । অধিনায়ক গৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰা লোকসকলক সমালোচনা কৰাৰ লগতে দলটোৰ খেলুৱৈসকলক প্ৰশংসা কৰা দেখা যায় ।

লগতে পঢ়ক:ফেব্ৰুৱাৰী মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মানৰ বাবে মনোনীত ৰবিচন্দ্ৰন অশ্বিন

ABOUT THE AUTHOR

...view details