স্পৰ্টছ ডেস্ক,১৬ মাৰ্চ:যুৱ প্ৰতিভাৱান খেলুৱৈ ঋষভ পণ্ট আৰু ইশান কিষাণৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট প্ৰাক্তন ক্ৰিকেটাৰসকল । প্ৰাক্তন ক্ৰিকেটা চাবা কৰিমে প্ৰশংসা কৰাৰ পিছত এইবাৰ বীৰেন্দ্ৰ সেহৱাগৰ বিশেষ আহ্বান দুয়োগৰাকী খেলুৱৈক । বীৰেন্দ্ৰ সেহৱাগে দুয়োগৰাকী খেলুৱৈক অধিনায়ক বিৰাট কোহলীৰ দৰে দলটোৰ হৈ খেল শেষ কৰাতো বিচাৰে ।
দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয় টি-২০ খেলৰ সময়ত নবাগত ইশান কিষাণে এক আকৰ্ষণীয় অৰ্ধ শতক অৰ্জন কৰি বিৰাট কোহলী বাহিনীয়ে সাত উইকেটত ইংলেণ্ডক পৰাস্ত কৰে আৰু শৃংখলাত ১-১ স্ক'ৰত অৱতীৰ্ণ হয় দুয়োটা দল । একেখন খেলত কোহলীয়েও অপৰাজিত ৭৩ ৰাণ সংগ্ৰহ কৰিছিল ।