স্পৰ্টছ ডেস্ক, 13 ফেব্ৰুৱাৰী: শনিবাৰে ইংলেণ্ডৰ বিপৰীতে দ্বিতীয়খন টেষ্টত ৰোহিত শৰ্মাৰ শতকেৰে ভাৰতীয় দলে 3 টা উইকেট হেৰুৱাই 189 ৰাণত উপনীত হয় ৷
এই শতক ৰোহিতৰ টেষ্ট ক্ৰিকেটৰ সপ্তমটো শতক ৷ এই লক্ষ্যত উপনীত হোৱাত ৰোহিতক সহযোগিতা কৰিছিল উপ-অধিনায়ক অজিংক্য ৰাহানে ৷
উল্লেখ্য যে, প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতীয় জলটোৱে আৰম্ভণিতে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ৷ অ’পেনাৰ শুভম গীল 0 ৰাণত আউট হোৱাৰ বিপৰীতে শ্বেতেশ্বৰ পুজাৰা 21 ৰাণত আৰু বীৰাট কোহলী 0 ৰাণত আউট হয় ৷
লগতে পঢ়ক-ৰাজ্যিক থাই বক্সিং প্ৰতিযোগিতাত ভূমিস্থাৰ সাফল্য