স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ:ভাৰতৰ বিৰুদ্ধে আলহী দল ইংলেণ্ডে দ্বিতীয় এদিনীয়াত বিজয় সাব্যস্ত কৰাৰ লগে লগে চৰ্চাত আছে ইংলেণ্ডৰ বেটছমেন জ'নি বেয়াৰষ্টো । জ'নি বেয়াৰষ্টোৰ শতক, বেন ষ্টকছৰ ৯৯ ৰাণৰ সৈতে ভাৰতে বান্ধি দিয়া ৩৩৬ ৰাণৰ লক্ষ্য অতি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হয় ইংলেণ্ডে । প্ৰথমখন এদিনীয়াত ৯৪ ৰাণ সংগ্ৰহ কৰা বেয়াৰষ্টোয়ে দ্বিতীয় এদিনীয়াত ১১ সংখ্যক শতক নিজৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পিছতে নিজৰ প্ৰদৰ্শনকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইংলেণ্ড বেটছমেন জ'নি বেয়াৰষ্টোয়ে । ইংলেণ্ডৰ হৈ আটাইতকৈ বেছি শতক নিজৰ দখলত আনিব বিচাৰে বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে । নিজৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ তেওঁ কয় যে, তেওঁ সংগ্ৰহ কৰা ৰাণকলৈ যথেষ্ট সুখী আৰু খেলত জয়ী নহ'লে এই বৃহৎ ৰাণৰ কোনো অৰ্থ নাথাকে বুলিও মন্তব্য কৰে বেয়াৰষ্টোয়ে ।ইফালে ইংলেণ্ড দলটোৰ কেইবাগৰাকী বেটছমেনৰ প্ৰশংসা কৰি দলটোৰ বেটিং অৰ্ডাৰৰ বিষয়ে কয় যে, সম্প্ৰতি দলটোৰ বেটছমেনৰ তালিকা অতি দীঘলীয়া আৰু শক্তিশালী ।