নিউজ ডেস্ক, 3 এপ্ৰিল: 30 মে'ৰ পৰা আৰম্ভ হ'ব লগা বিশ্বকাপ ক্ৰিকেট, 2019ৰ বাবে কেন উইলিয়ামছনৰ নেতৃত্বত 15 জনীয়া ক্ৰিকেট দল ঘোষণা কৰা হৈছে ৷ টম লাথামক মূখ্য উইকেটকীপাৰ হিচাপে নিৰ্বাচিত কৰাৰ লগতে টম ব্লাণ্ডেলক অতিৰিক্ত উইকেটকীপাৰ হিচাপে নিৰ্বাচন কৰা হৈছে ৷ 1 জুনৰ পৰা প্ৰথম মেচত অংশগ্ৰহন কৰিব লগা নিউজিলেণ্ড দলৰ হৈ চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট খেলিব ৰ'ছ টেইলাৰে ৷ ইয়াৰ জৰিয়তে নিউজিলেণ্ডৰ হৈ চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ খেলা সপ্তমজন খেলুৱৈ হিচাপে পৰিগনিত হৈছে টেইলাৰ ৷ ইয়াৰোপৰি নিউজিলেণ্ডৰ হৈ কেপ্তেইন উইলিয়ামছন, মাৰ্টিন গোপটিল আৰু টিম ছাউদীয়ে তৃতীয় সংখ্যক বিশ্বকাপত অংশগ্ৰহন কৰিব ৷
বিশ্বকাপ ক্ৰিকেটৰ বাবে নিউজিলেণ্ড দল ঘোষণা - ETV BHARAT
30 মে'ৰ পৰা আৰম্ভ হ'ব লগা বিশ্বকাপ ক্ৰিকেট, 2019ৰ বাবে কেন উইলিয়ামছনৰ নেতৃত্বত 15 জনীয়া ক্ৰিকেট দল ঘোষণা কৰা হৈছে ৷ 1 জুনৰ পৰা প্ৰথম মেচত অংশগ্ৰহন কৰিব লগা নিউজিলেণ্ড দলৰ হৈ চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট খেলিব ৰ'ছ টেইলাৰে ৷
NEW ZEALAND ANNOUNCES WC SQUAD
বিশ্বকাপৰ বাবে নিৰ্বাচিত নিউজিলেণ্ডৰ 15 জনীয়া দলটোত স্থান লাভ কৰিছে কেন উইলিয়ামছন, টম ব্লাণ্ডেল, ট্ৰেণ্ট বল্ট, ক'লিন ডি গ্ৰাণ্ডহোম, লকী ফাৰ্গোছন, মাৰ্টিন গোপটিল, মেট হেনৰী, টম লাথাম, কলিন মুনৰো, জিমী নিশাম, হেনৰী নিকোলছ্, মিটছেল ছান্টনাৰ, ইছ ছোৰী, টিম ছাউদী আৰু ৰ'ছ টেইলাৰে ৷