অসম

assam

ETV Bharat / sports

ICC Cricket World Cup 2023 : 'ৰোহিত বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ব্যতিক্ৰমী বেটছমেন'-ৱাছিম আক্ৰাম - Wasim Akram praises Rohit Sharma

লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে নেদাৰলেণ্ডক ১৬০ ৰাণত পৰাস্ত কৰে । চলিত বিশ্বকাপত ভাৰতীয় দলটো এতিয়ালৈ অপাৰজেয় হৈ আছে । যাৰ বাবে বিশ্বৰ তাৰকা খেলুৱৈসকলে দলটোক আৰু অধিনায়ক ৰোহিত শৰ্মাক উচ্চ প্ৰশংসা কৰিছে ।

ICC Cricket World Cup 2023
ৰোহিত বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ব্যতিক্ৰমী বেটছমেন

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 1:42 PM IST

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ :চলিত বিশ্বকাপত ভাৰতৰ শক্তিশালী প্ৰদৰ্শনে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে । ইতিমধ্যে লীগ পৰ্যায়ৰ ৯ খন মেচৰ আটাইকেইখন খেলতে ভাৰত জয়ী হৈছে । পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ সমান্তৰালকৈ ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । যাৰ বাবে বিশ্ববাসীয়ে ৰোহিত শৰ্মাৰ নেতৃত্বৰো প্ৰশংসা কৰিছে । তাৰকা ক্ৰিকেটাৰসকলেও ভাৰতীয় দল আৰু অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসা কৰা দেখা গৈছে ।

ভাৰতীয় দলটোৱে এই বিশ্বকাপৰ প্ৰতিখন খেলতে সুন্দৰ প্ৰদৰ্শন কৰিছে । ফিল্ডিং, বলিং বা বেটিং সকলোতে দলটোৰ প্ৰতিগৰাকী খেলুৱৈয়ে উন্নত প্ৰদৰ্শন দেখুৱাইছে । এই বিশ্বকাপত ভাৰতীয় দলটোৱেই একমাত্ৰ দল যিয়ে এখনো মেচত পৰাজিত হোৱা নাই । ভাৰতীয় দলে ছেমি ফাইনেল খেলখন ১৫ নৱেম্বৰত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব ।

ভাৰতীয় দলৰ এই অভূতপূৰ্ব প্ৰদৰ্শন আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে ১৬০ ৰাণৰ বিজয়ৰ পাছত পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ ৱাছিম আক্ৰামেও ৰোহিতক প্ৰশংসা কৰিছে ।

ৱাছিম আক্ৰামে কৈছে, "মই নাভাবো যে বিশ্ব ক্ৰিকেটত এনেকুৱা কোনো খেলুৱৈ আছে । আমি বিৰাট কোহলী, কেন উইলিয়ামচন, জ' ৰুট, বাবৰ আজমৰ বিষয়ে আলোচনা কৰো কিন্তু ৰোহিত শৰ্মা ব্যতিক্ৰম । যেতিয়া তেওঁ বেটিং কৰে, বলাৰ যিয়েই নহওঁক, বলিং আক্ৰমণ যিয়েই নহওঁক, তেওঁ বলটো অতি আৰামেৰে খেলে । তেওঁ প্ৰতিটো খেলুৱৈক পৰাজিত কৰে । যেতিয়া তেওঁ স্থবিৰ হৈ থাকে, বলাৰসকলক প্ৰহাৰ কৰে ।"

উল্লেখ্য যে ৰোহিত শৰ্মাই নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬১ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছে । খেলখনত ভাৰতৰ সকলো বেটছমেনে ভাল প্ৰদৰ্শন কৰিছে । ৰোহিত (৬১), শুভমন গিল (৫১), বিৰাট কোহলী (৫১), শ্ৰেয়স আয়াৰ (১২৮) আৰু কে এল ৰাহুলৰ (১০২) প্ৰদৰ্শনে ভাৰতীয় দলটোক ৪১০ ৰাণৰ বৃহৎ স্ক'ৰ সংগ্ৰহ কৰাত সহায় কৰে ।

লগতে পঢ়ক :ICC World Cup 2023 : বেংগালুৰুত কোহলীৰ বলিঙৰ যাদু, উৎফুল্লিত দৰ্শক

ABOUT THE AUTHOR

...view details