স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ :শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত চলি থকা আইচিচি বিশ্বকাপ 2023 ৰ 42 সংখ্যক মেচত আফগানিস্তানৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই ৷
245 ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই 5 টা উইকেট হেৰুৱাই 47.3 অভাৰত 247 ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে ৷ ৰাছি ভান ডেৰ ডুচেন প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷ ৰাছি ভান ডেৰ ডুচেনে 95 বলত 76 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷
আফগানিস্তানৰ হৈ ৰছিদ খান আৰু মহম্মদ নবীয়ে 2টাকৈ উইকেট দখল কৰে ৷ মুজীব-উৰ-ৰহমানে দখল কৰে 1 টা উইকেট ৷
টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা আফগানিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ অ’পেনাৰ ৰহমানউল্লাহ গুৰবাজে 25 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ ৰহমত শ্বাহে 26 ৰাণৰ বৰঙণি আগবঢ়াই ৷ অধিনায়ক হাছমতুল্লাহ শ্বাহিদীয়ে ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় আৰু মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰি কেশৱ মহাৰাজৰ বলত পেভিলিয়নমুখী হয় ৷