স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ:আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ ৷ গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ’ব বিগত সংস্কৰণৰ ৰাণাৰ্ছ আপ নিউজিলেণ্ড । অৱশ্যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া উদ্বোধনী খেলখনত অৱৰ্তীণ হ’ব নোৱাৰিব নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন ৷
নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই ৷ যাৰবাবে আজি প্ৰথমখন খেলত তেওঁ অংশ ল’ব নোৱাৰিব । তেওঁৰ অনুপস্থিতিত টম লেথামে কিৱি দলটোৰ নেতৃত্ব দিব । ইফালে ইংলেণ্ডৰ মেচ উইনাৰ বেন ষ্ট’কছেও কঁকালৰ মাংসপেশী আঘাতৰ বাবে আজিৰ উদ্বোধনী খেলখনত খেলিব নোৱাৰিব ৷ ইংলেণ্ডৰ দলটোক নেতৃত্ব দিব জছ বাটলাৰে । ইয়ন মৰ্গানৰ অৱসৰৰ পাচত ইংলেণ্ডৰ বগা বল দলৰ অধিনায়ক জছ বাটলাৰে বিশ্ব চেম্পিয়ন দলৰ নেতৃত্ব বহন কৰিছে ।