স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ:গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট বিশ্বকাপ 2023 । বিশ্বকাপৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ বিচিচিআইৰ এক সূত্ৰই জনোৱা মতে, এইবাৰ বিশ্বকাপত কোনো ধৰণৰ বৃহৎ আৰম্ভণী অনুষ্ঠানৰ পৰিকল্পনা কৰা হোৱা নাই ।
অৱশ্যে দুপৰীয়া ২:৩০ বজাত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সকলো দলৰ অধিনায়কৰ ফটো ছেশ্যন কৰা হ’ব । বিচিচিআইৰ তথ্য অনুসৰি আজি বিয়লি গুজৰাট ক্ৰিকেট সন্থাৰ ক্লাব হাউছৰ ভোজনগৃহত অধিনায়ক দিৱসৰ (Captain's Day) আয়োজন কৰা হৈছে, য’ত সকলো ক্ৰিকেট দলৰ অধিনায়ক উপস্থিত থাকিব আৰু ফটোগ্ৰাফী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
এই ফটো ছেশ্যনৰ বাবে আজি পুৱাৰ পৰাই সকলো দলৰ অধিনায়ক নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ আহিবলৈ আৰম্ভ কৰিছে । গুজৰাটৰ ৰাজ্যিক গৃহ বিভাগ(Gujarat State Home Department) আৰু আহমেদাবাদ আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি অহা ১৪ অক্টোবৰত আয়োজক ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তিনিতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । দৰ্শকক খোৱাপানী বটল আৰু সহজে পেলাব পৰা সকলো বস্তু কঢ়িয়াই অনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । দল দুটা থকা হোটেলখনত অধিক আৰক্ষী জোৱান নিয়োগ কৰি নিৰাপত্তা ব্যৱস্থা অধিক দৃঢ় কৰি তোলা হৈছে ।