অসম

assam

ETV Bharat / sports

Cricket World Cup 2023 : ভাৰতীয় দলত মুম্বাইৰ আধিপত্য অব্যাহত; ৪ ক্ৰিকেটাৰে প্ৰতিনিধিত্ব কৰিব টীম ইণ্ডিয়াক - Board of Control for Cricket in India

ঘৰুৱা ক্ৰিকেটৰ পিছত এতিয়া দেশক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে মুম্বাই । এসময়ত ১৯৬০ আৰু ১৯৭০-ৰ দশকৰ শেষৰ ফালে মুম্বাইৰ খেলুৱৈসকলে ভাৰতীয় দলত আধিপত্য বিস্তাৰ কৰিছিল । বিচিচিআয়ে ঘোষণা কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপ দলতো একেটা প্ৰতিফলন ঘটিছে ।

Cricket World Cup 2023
Cricket World Cup 2023

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 3:03 PM IST

স্পৰ্টছ ডেস্ক, ৭ ছেপ্টেম্বৰ :ঘৰুৱা ক্ৰিকেটত দপদপনিৰ পিছত এইবাৰ ভাৰতীয় ক্ৰিকেটতো আধিপত্য বিস্তাৰৰ দিশে আগবাঢ়িছে মুম্বাই । মুম্বাইয়ে ইতিমধ্যে বহু তাৰকা ক্ৰিকেটাৰ দেশক উপহাৰ দিছে । তাৰেই উদাহৰণ প্ৰতিফলিত হ'বলৈ গৈছে এইবাৰ ভাৰতৰ বিশ্বকাপ দলত । ভাৰতীয় ক্ৰিকেট দলত মুম্বাইৰ ক্ৰিকেটাৰ যে এক অবিচ্ছেদ্য অংগ সেয়া মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ৫ ছেপ্টেম্বৰত কেণ্ডিত পুনৰবাৰ প্ৰমাণ কৰিছে ।

৪২ বাৰৰ ৰঞ্জী ট্ৰফী চেম্পিয়ন হোৱা মুম্বাই হৈছে ভাৰতীয় ক্ৰিকেটৰ অবিচ্ছেদ্য অংগ । অজিত ৱাদেকাৰ, সুনীল গাভাস্কাৰ, দিলীপ ভেংচৰকাৰ, সন্দীপ পাটিল, ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ, বিনোদ কাম্বলী, লালচান্দ ৰাজপুত, ৰবি শাস্ত্ৰী, প্ৰবীণ আমৰে, আবি কুৰুভিলা- এই সকলোৱে ঘৰুৱা ক্ৰিকেটত মুম্বাইক প্ৰতিনিধিত্ব কৰিছে আৰু তাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে । এসময়ত ১৯৬০ আৰু ১৯৭০-ৰ দশকৰ শেষৰ ফালে মুম্বাইৰ খেলুৱৈসকলে ভাৰতীয় দলত আধিপত্য বিস্তাৰ কৰিছিল ।

২০২৩ চনলৈকে চাব গ'লে ৰাষ্ট্ৰীয় দলত মুম্বাইৰ আধিপত্য এতিয়াও স্পষ্ট । কিয়নো ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ দলত অন্তৰ্ভুক্ত চাৰিজন খেলুৱৈ হৈছে মুম্বাইৰ । অধিনায়ক ৰোহিত শৰ্মাকে ধৰি বিজয় হাজাৰে ট্ৰফী (ঘৰুৱা এদিনীয়া চেম্পিয়নশ্বিপ) জিকিছে মুম্বাই দলটোৱে । আন তিনিজন খেলুৱৈ হৈছে - মাৰমুখী বেটাৰ সূৰ্যকুমাৰ যাদৱ, ৱৰ্লিৰ ছেনছেচন শ্ৰেয়স আয়াৰ আৰু 'পালঘৰ এক্সপ্ৰেছ' শাৰ্দুল ঠাকুৰ । তিনিওজনে তেওঁলোকৰ আৰম্ভণিৰ দিনত বিখ্যাত মুম্বাই ময়দানত খেলিছে ।

কাকতালীয়ভাৱে আন এক কথা হৈছে, পাঁচজনীয়া বাছনি সমিতিৰ দুজন সদস্য- মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু সলিল আংকোলাইয়ো মুম্বাইৰ হৈ খেলিছে ।

মুম্বাইৰ পিছতে আছে গুজৰাট । ৰাষ্ট্ৰীয় দলত গুজৰাটৰো প্ৰভাৱ আছে । ৰাজ্যখনত তিনিটা ক্ৰিকেট সংস্থা আছে । সেইকেইটা হৈছে গুজৰাট, বৰোদা আৰু সৌৰাষ্ট্ৰ । গুজৰাটৰ পৰা ভাৰতীয় দলত খেলিবলৈ বাছনি কৰা পেচাৰ যশপ্ৰীত বুমৰাহ আৰু বাঁওহতীয়া স্পিনাৰ অক্ষৰ পেটেলে বৰোদাক প্ৰতিনিধিত্ব কৰে আৰু আন এজন অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে ।

অপেনাৰ শুভমন গিলে পঞ্জাবৰ হৈ খেলে । আনহাতে, তাৰকা বেটাৰ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে দিল্লীৰ হৈ খেলে । যুৱ উইকেট-ৰক্ষক বেটাৰ ঈশান কিষাণে ঝাৰখণ্ডৰ হৈ খেলে । কে এল ৰাহুলে কৰ্ণাটকৰ হৈ খেলে, যিটো দলো এক শক্তিশালী ঘৰুৱা দল । বংগয়ো পেচাৰ মহম্মদ ছামীৰ ৰূপত ১৫ জনীয়া দলত অৱদান আগবঢ়াইছে । আনহাতে, মহম্মদ আজহাৰুদ্দিনৰ দৰে মহান ক্ৰিকেটাৰ উপহাৰ দিয়া হায়দৰাবাদক পেচাৰ মহম্মদ চিৰাজে প্ৰতিনিধিত্ব কৰিছে । ইফালে কুলদীপ যাদৱে ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈ খেলে ।

উল্লেখ্য যে কেৰালা আৰু মহাৰাষ্ট্ৰ দলটোৰ ভাৰতীয় ঘোষিত দলটোত কোনো প্ৰতিনিধিত্ব নাই । ক্ৰিকেট বিশ্বকাপ বিচিচিআয়ে ভাৰতৰ বিভিন্ন চহৰত আয়োজন কৰিব আৰু ২০১৩ চনৰ পিছত আইচিচি ট্ৰফীৰ ওপৰত পুনৰবাৰ অধিকাৰ সাব্যস্ত কৰাটো 'মেন ইন ব্লু'ৰ বাবে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান । যদি ভাৰতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত খেলত স্থান লাভ কৰে, তেন্তে বুমৰাহ আৰু অক্ষৰ দুয়োৰে বাবে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত খেলাটো এক গৌৰৱৰ মুহূৰ্ত হ'ব । আৰু যদি তেওঁলোকে জয়লাভ কৰে, তেন্তে এইটো হ'ব সোণত সুৱগা চৰোৱাৰ দৰে ।

বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটো :ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঈশান কিষাণ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ ।

লগতে পঢ়ক :ODI World Cup 2023: ভাৰতীয় বিশ্বকাপ দললৈ শুভেচ্ছা শিখৰ ধৱনৰ

ABOUT THE AUTHOR

...view details