অসম

assam

ETV Bharat / sports

Cricket world cup 2023: বিশ্বকাপ 2023 ৰ পইন্ট টেবুলৰ শীৰ্ষত কোন ? বেট আৰু বলেৰে জিলিকিছে কোন ? - most run cwc 2023

বিশ্বকাপ 2023 ত বেট আৰু বলৰ তীব্ৰ প্ৰতিযোগিতা চলি আছে । বিশ্বকাপত এই পৰ্যন্ত 10 টাতকৈও অধিক শতক অৰ্জন হৈছে । পইণ্ট টেবুলত কোনটো দল শীৰ্ষত আছে আৰু কোন খেলুৱৈয়ে সৰ্বাধিক উইকেট আৰু ৰান সংগ্ৰহ কৰিছে এই কাহিনীটোত জানি লওক ।

Icc world cup 2023
Cricket world cup 2023

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:35 PM IST

স্প’ৰ্টছ ডেস্ক, 19 অক্টোবৰ: বিশ্বকাপ ক্ৰিকেটত বৰ্তমানলৈকে 17 খন খেল অনুষ্ঠিত হৈছে ৷ য’ত বিস্ফোৰক বেটিং আৰু বিধ্বংসী বলিং দেখিবলৈ পোৱা গৈছে ৷ 46 দিন অনুষ্ঠিত হ’ব লগীয়া এই বিশ্বকাপ 2023 ত 48 খন মেচ খেলোৱা হ’ব ৷ ইয়াৰ ভিতৰত বৃহস্পতিবাৰলৈকে 17 খন অনুষ্ঠিত হৈছে ৷ বিশ্বকাপ 2023 ত বৰ্তমানলৈকে দুখন খেলত বিপৰীত প্ৰদৰ্শন দেখা গৈছে ৷ আফগানিস্তানে ইংলেণ্ডক আৰু নেদাৰলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছে ৷ বেটিং আৰু বলিঙৰ চমকপ্ৰদ প্ৰদৰ্শন দেখা গৈছে ৷ জানো আহক ৰাণ আৰু পইন্ট তালিকাৰ সবিশেষ...

পইন্ট তালিকা:পইণ্ট তালিকাৰ কথা ক’বলৈ গ’লে 4 খন মেচত জয় আৰু 8 পইণ্টেৰে শীৰ্ষত আছে নিউজিলেণ্ড । তেওঁলোকৰ ৰান ৰেট হৈছে +1.923 । দ্বিতীয় স্থানত আছে তিনিখন খেল জয়ৰে ভাৰতীয় দল । যাৰ ৰান ৰেট 1.821 ৰ সৈতে 6 পইণ্ট । তৃতীয় স্থানত আছে এতিয়ালৈকে দুখন মেচত জয়ী হোৱা দঃ আফ্ৰিকা । চতুৰ্থ স্থানত আছে পাকিস্তান, তেওঁলোকে 2 খন মেচ জয়েৰে 4 পইণ্ট অৰ্জন কৰিছে । পঞ্চম স্থানত আছে ইংলেণ্ড, যি এতিয়ালৈকে মাত্ৰ এখন মেচত জয়লাভ কৰিছে আৰু 2 পইণ্ট লাভ কৰিছে ।

সৰ্বোচ্চ ৰান: 2023 চনৰ বিশ্বকাপত 16 খন খেল অনুষ্ঠিত হৈছিল । য’ত নিউজিলেণ্ডৰ বেটছমেন ডেভন কনৱে’ ৰাণৰ ক্ষেত্ৰত শীৰ্ষত আছে । 4 খন মেচত গড়ে 83 ৰান কৰি 249 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান 248 ৰানেৰে মাত্ৰ এক ৰান পিচত আছে । তৃতীয় স্থানত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা, যিয়ে 4 খন মেচত গড়ে 66.3 ৰে 265 ৰান সংগ্ৰহ কৰিছে । চতুৰ্থ স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে গড়ে 72 ৰান কৰি 229 ৰান সংগ্ৰহ কৰিছে । য’ত দুটা শতকো অন্তৰ্ভুক্ত । নিউজিলেণ্ডৰ ৰচিন ৰবিন্দ্ৰেও গড়ে 71.66 ৰে 215 ৰান সংগ্ৰহ কৰিছে ।

সৰ্বাধিক উইকেট: বেছিভাগ উইকেটৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে 4 খন মেচত সৰ্বাধিক 11 টা উইকেট দখল কৰিছে, য’ত তেওঁৰ ইকনমি ৰেট 4.40 । দ্বিতীয় স্থানত আছে 10 টা উইকেটেৰে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ । 9 টা উইকেট দখল কৰা নিউজিলেণ্ডৰ বলাৰ মেট হেনৰী তৃতীয় স্থানত আছে ৷ নেদাৰলেণ্ডৰ বাছ ডি লিডে, শ্ৰীলংকাৰ দিলছান মধুশংকা, পাকিস্তানৰ হাছান আলী, আফ্ৰিকাৰ কাগিছ’ ৰাবাদাইও 7 টাকৈ উইকেট দখল কৰিছে ।

লগতে পঢ়ক:Cricket World Cup 2023 : ইতিহাস সৃষ্টি কৰিব পাৰে শুভমন গীলে !

ABOUT THE AUTHOR

...view details