স্প’ৰ্টছ ডেস্ক, 5 অক্টোবৰ: তাৰকাসকলক এবাৰ কাষৰ পৰা চোৱাৰ, তেওঁলোকৰ সৈতে এবাৰ হাত মিলোৱাৰ হাবিয়াস সকলো অনুৰাগীৰে থাকে ৷ সেই তাৰকাগৰাকী সংগীত, অভিনয়, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ হ’ব পাৰে ৷ শ্ৰীনিবাসৰো আছিল তেনে এক হাবিয়াস ৷ চেন্নাইৰ ভেলাচেৰীৰ ১৯ বছৰীয়া শ্ৰীনিবাস বিৰাট কোহলীৰ ডাঙৰ অনুৰাগী । শ্ৰীনিবাস বিশেষভাৱে সক্ষম । বৃহস্পতিবাৰে চেপাক ষ্টেডিয়ামত বিৰাট কোহলীক সাক্ষাৎ কৰি নিজ হাতেৰে অঁকা এখন ছবি তাৰকা ক্ৰিকেটাৰগৰাকীক দেখুৱাই দিয়ে শ্ৰীনিবাসে ।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল বিশ্বকাপ ক্ৰিকেট ৷ অহা ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব । ইয়াৰ বাবে ভাৰতে অনুশীলন চলাই আছে এম এ চিদাম্বৰম ষ্টেডিয়ামত । বুধবাৰৰ পৰা ‘চেপাক’ ষ্টেডিয়ামত চলি আছে এই অনুশীলন ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্ৰীনিবাসে কয়, "মই ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট চাই আহিছো ৷ ক্ৰিকেটৰ প্ৰতি মোৰ বিশেষ মোহ আছে আৰু মই দুবছৰ ধৰি বিৰাট কোহলীক লগ পাবলৈ অপেক্ষা কৰি আছিলো ৷ অৱশেষত আজি মোৰ সপোন বাস্তৱায়িত হ'ল । মই বিৰাট কোহলীক চাবলৈ আহিলোঁ । কৰ্ণাটকৰ বেংগালুৰুলৈও গৈছিলোঁ য’ত মই সুযোগ নাপালোঁ ৷ কিন্তু আজি অভাৱনীয়ভাৱে সুযোগ পাইছোঁ ।"