অসম

assam

ETV Bharat / sports

Cricket World Cup 2023 : জয়েৰে বিশ্বকাপ যাত্ৰা আৰম্ভ বাংলাদেশৰ; ৬ উইকেটত পৰাস্ত আফগানিস্তান - জয়েৰে বিশ্বকাপ যাত্ৰা আৰম্ভ বাংলাদেশৰ

মনোৰম পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ HPCA ষ্টেডিয়ামত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ যাত্ৰা জয়েৰে আৰম্ভ কৰিলে বাংলাদেশে । বাংলাদেশে আফগানিস্তানক ৬ উইকেটত অনায়াসে পৰাস্ত কৰে । আফগানিস্তানৰ ইনিংছ ১৫৬ ৰাণতে স্তব্ধ হৈছিল ।

মেচ ৩ বাংলেদেশ বনাম আফগানিস্তান
Cricket World Cup 2023

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:56 PM IST

Updated : Oct 7, 2023, 4:56 PM IST

স্পৰ্টছ ডেস্ক, ৭ অক্টোবৰ :আইচিচি পুৰুষ এদিনীয়া বিশ্বকাপ ২০২৩ৰ তৃতীয় লীগ মেচত শনিবাৰে বাংলাদেশ আফগানিস্তানৰ মুখামুখী হয় । ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ এই মেচত বাংলাদেশৰ অধিনায়ক শ্বাকিব আল হাছানে টছত জয়ী হৈ আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

আনহাতে, প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি আফগানিস্তানে মাত্ৰ ৩৭ অভাৰ আৰু দুটা বলহে ক্ৰিজত থাকি খেলিবলৈ সক্ষম হয় । আফগানিস্তানে বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈ আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ১৫৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আফগানিস্তানৰ হৈ ৰহমানুল্লাহ গুৰবাজে ৬২ বলত সৰ্বাধিক ৪৭ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ইব্ৰাহিম জাদৰান আৰু আজমাতুল্লাহ ওমৰজায়ে ২২ ৰাণকৈ সংগ্ৰহ কৰে । বাংলাদেশৰ হৈ শ্বাকিব আল হাচানে তিনিটা আৰু মেহেদী হাচানে তিনিটাকৈ উইকেট দখল কৰে ।

ইয়াৰ পিছত ১৫৭ ৰাণৰ বিজয় লক্ষ্যৰে ক্ৰিজত অৱতীৰ্ণ হোৱা বাংলাদেশে চাৰিটা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় । বাংলাদেশে ৩৪.৪ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৫৮ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগে লগে বাংলাদেশে ৬ উইকেটত দুৰ্দান্ত বিজয় সাব্যস্ত কৰি বিশ্বকাপৰ জয়যাত্ৰা আৰম্ভ কৰে । বাংলাদেশৰ হৈ নজমুল হুছেইন শান্তোৱে ৮৩ বলত সৰ্বাধিক অপৰাজিত ৫৯ ৰাণ কৰে । আনহাতে, মেহেদী হাচানে ৫৭ আৰু শ্বাকিব আল হাছানে ১৪ ৰাণৰ বৰঙণি আগবঢ়ায় । বেটে-বলে উজলি উঠা মেহেদী হাচানক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয় ।

উল্লেখ্য যে বাংলাদেশ দলটোত অভিজ্ঞতা আৰু যুৱপ্ৰজন্মৰ ভাল মিশ্ৰণ আছে । আনহাতে, বাংলাদেশে এছিয়া কাপত শেহতীয়া যুঁজত আফগানিস্তানক পৰাস্ত কৰিছিল । ইফালে আফগানিস্তানে তেওঁলোকৰ দ্বিতীয় ৱাৰ্ম-আপ খেলত শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ পিছত তেওঁলোকৰ ফৰ্ম অব্যাহত ৰাখিব বিচাৰিছিল যদিও প্ৰথম মেচত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ।

শ্বাকিব আল হাছানে বাংলাদেশৰ হৈ প্ৰথমটো উইকেট দখল কৰে । ইব্ৰাহিম জাদৰানে শ্লগ ছুইপ খেলিবলৈ যায়, কিন্তু লেহেম গতিৰ বলটো সঠিকভাৱে বেটৰ সৈতে সংযোগ কৰিব নোৱাৰিলে । তানজিদ হাছানে এই কেচটো আয়ত্ত কৰে ।

উল্লেখ্য যে আফগানিস্তানৰ ইনিংছৰ আৰম্ভণি অতি সুন্দৰ আছিল । প্ৰথম ১০ অভাৰত দুয়োগৰাকী অপেনাৰে উইকেটত দৃঢ়তা প্ৰদৰ্শন কৰে । ফাষ্ট বলিঙৰ বিৰুদ্ধে দুয়োৱে সুন্দৰভাৱে শ্বট খেলে । কিন্তু স্পিনাৰ আক্ৰমণলৈ অহাৰ পিছতে আফগানিস্তানৰ ইনিংছৰ গতিৰোধ হয় । শ্বাকিব আল হাছানে প্ৰথম উইকেট দখলৰ পিছতে নিয়মিত অন্তৰালত আন তিনিটা উইকেট হেৰুৱায় । যাৰ বাবে প্ৰাৰম্ভিক অগ্ৰগতিৰ লাভ উঠোৱাত সফল হ'ব নোৱাৰিলে আফগানিস্তানৰ বেটাৰসকলে ।

লগতে পঢ়ক :ICC World Cup 2023 : ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোক শক্তিশালী কৰাত গুৰুত্ব আৰোপ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ

Last Updated : Oct 7, 2023, 4:56 PM IST

ABOUT THE AUTHOR

...view details